অসম

assam

ETV Bharat / state

বিনামূলীয়া নামভৰ্তিৰ ধনৰ হিচাপ দিব লাগিব চৰকাৰক - Seven universities of Assam

ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়(letter of Director of Higher Education)আৰু ৩৩৭ খন মহাবিদ্যালয়লৈ উচ্চ শিক্ষা সঞ্চালকৰ জৰুৰী পত্ৰ । অসম চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয় আৰু ৩৩৭ খন মহাবিদ্যালয়ক নামভৰ্তি আৰু পাঠদান মাচুল হিচাপে মুঠ ৮১ কোটি ৭১ লাখ ৪৭ হেজাৰ ৫৭৫ টকা আদায় দিছিল । ২৬ আগষ্টৰ ভিতৰত পুঁজিৰ ব্যৱহাৰিক প্রমাণপত্র দাখিলৰ নির্দেশ ।

letter of Director of Higher Education
বিনামূলীয়া নামভৰ্তিৰ ধনৰ হিচাপ দিব লাগিব চৰকাৰক

By

Published : Aug 25, 2022, 4:32 PM IST

গুৱাহাটী, ২৫ আগষ্ট: বিনামূলীয়া নামভৰ্তিৰ বাবে চৰকাৰে দিয়া পুঁজিৰ হিচাপ দিব লাগিব শিক্ষানুষ্ঠানসমূহে(Funds of government for free admission)। এই সন্দৰ্ভত দিয়া এক হৈছে নিৰ্দেশনা । বিগত ২০২১-২২বিত্তীয় বৰ্ষত অসম চৰকাৰে নামভৰ্তিৰ মাচুল হিচাপে আদায় দিয়া এক বৃহৎ অংকৰ পুঁজিৰ হিচাপ বিচাৰি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয় আৰু ৩৩৭ খন মহাবিদ্যালয়লৈ(emergency letter to college)এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে । লগতে ২৬ আগষ্টৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে লাভ কৰা পুঁজিৰ ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰিবলৈ নির্দেশ(order to submit practical certificate of funds)দিছে ।

বিনামূলীয়া নামভৰ্তিৰ ধনৰ হিচাপ দিব লাগিব চৰকাৰক

উল্লেখ যে বছৰি দুই লাখ টকাৰ তলৰ আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰে এখন আঁচনি গ্ৰহণ কৰিছিল । এই আঁচনিৰ ভিত্তিতে বছৰি দুই লাখ টকা আয়ৰ অভিভাৱকৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবে যিমান ধনৰ প্ৰয়োজন হ'ব,সেই ধন শিক্ষানুষ্ঠানসমূহক অসম চৰকাৰে প্ৰদান কৰিব ।

এই আঁচনি অনুসৰি অসম চৰকাৰে ২০২১-২২বিত্তীয় বৰ্ষত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়(Seven universities of Assam)আৰু ৩৩৭ খনমহাবিদ্যালয়ক নামভৰ্তি আৰু পাঠদান মাচুল হিচাপে মুঠ ৮১ কোটি ৭১ লাখ ৪৭ হেজাৰ ৫৭৫ টকা আদায় দিয়া হৈছিল । কিন্তু সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে ৰাজ্যৰ শিক্ষা বিভাগক উক্ত পুঁজিৰ ব্যৱহাৰিক খা-খৰচৰ হিচাপ দাখিল নকৰাত বিভাগৰ এখন জৰুৰী পত্ৰ শেহতীয়াকৈ উচ্চ শিক্ষা সঞ্চালকে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহলৈ প্ৰেৰণ কৰিছে ।

উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে(Director of Department Higher Education)ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু ৩৩৭ খন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক ২৬ আগষ্টৰ ভিতৰত অসম চৰকাৰে মুকলি কৰি দিয়া ৮১ কোটি ৭১ লাখ ৪৭ হেজাৰ ৫৭৫ টকাৰ ব্যৱহাৰিক খা-খৰচৰ হিচাপ তথা প্রমাণপত্র দাখিলৰ কঠোৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:যান বাহন আইন মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details