গুৱাহাটী, ৫ ডিচেম্বৰ :অসমত শিশু নিৰ্যাতনৰ ঘটনা ভাৰতৰ আন ৰাজ্যৰ তুলনাত উদ্বেগজনকভাবে বৃদ্ধি পাইছে (Child abuse cases increases in assam) । অৱশ্যে পূৰ্বৰ দুটা বছৰতকৈ বিগত ২০২০ বৰ্ষত এই ধৰণৰ ঘটনা অসমত কিছু পৰিমাণে কমিছে ৷ কিন্তু সেই পৰিসংখ্যাও সন্তোষজনক নহয় বা সম্পূৰ্ণভাৱে ৰাজ্যত শিশু নিৰ্যাতনৰ ঘটনা নোহোৱা হৈ যোৱা নাই । স্বয়ং লোকসভাৰ মজিয়াতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উন্মোচিত কৰা হৈছে এই তথ্য ।
কংগ্ৰেছ সাংসদ আব্দুল খালেকে সংসদত তোলা এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে নেছনেল ক্ৰাইম ৰেক'ৰ্ডছ ব্যুৰ'ৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতিৰে এই তথ্য প্ৰকাশ কৰিছে । সেই তথ্য অনুসৰি ২০২০ চনত অসমত ৪,৬২২ টা শিশু নিৰ্যাতনৰ ঘটনা পঞ্জীয়নভুক্ত হৈছিল । ইয়াৰে ২,৮৬৩ টা গোচৰৰ অভিযোগনামা ইতিমধ্যে অসম আৰক্ষীয়ে দাখিল কৰিছে । গ্ৰেপ্তাৰ কৰা হৈছে ৫,৯৭৩ জন লোকক ।