অসম

assam

ETV Bharat / state

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এক - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা

ক্ষেত্ৰীৰ কেন্দুবামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনাটো । ভয়ংকৰ পথ দুৰ্ঘটনাটোত এজন লোক নিহত হোৱাৰ বিপৰীতে অন্য এগৰাকী গুৰুত্বৰ ভাৱে আহত হয় ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Sep 26, 2019, 11:04 PM IST

গুৱাহাটী, 26 ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । ক্ষেত্ৰীৰ কেন্দুবামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । ভয়ংকৰ পথ দুৰ্ঘটনাটোত এজন লোক নিহত হোৱাৰ বিপৰীতে অন্য এগৰাকী গুৰুত্বৰ ভাৱে আহত হয় । ঘটনা বিবৰণী অনুসৰি এছ ০১কে চি ৭৫৬৫ নম্বৰৰ এখন চুইফট ডিজিয়াৰ বাহনেৰে জাগীৰোডৰ ফালৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰ বেগত আহি থকা অৱস্থাত ক্ষেত্ৰীৰ কেন্দুবামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বৰে পৰা ৰৈ থকা এখন সামগ্ৰী ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড যোৰে খুন্দা মাৰে ফলত চুইফট ডিজায়াৰ খন চূৰ্ণ বিচূৰ্ণ হৈ ট্ৰাকখনত লাগি ধৰে । যাৰ বাবে চুইফট বাহন খনৰ দুই আৰোহী ক্ৰমে লক্ষীমপুৰৰ জনাৰ্দন শৰ্মা(৪২)আৰু মঙ্গলদৈৰ জয়ন্ত দাস নামৰ লোক দুজন গুৰুত্বৰ ভাৱে আহত হয় ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা

ইপিনে দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত দুয়োগৰাকীকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ১০৮ সেৱাৰ জৰিয়তে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিওঁ ইয়াৰে চুইফট বাহন খনৰ চালক লক্ষীমপুৰৰ জনাৰ্দন শৰ্মা নামৰ লোকজন চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় আৰু অন্য গৰাকী আহতক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ।

ABOUT THE AUTHOR

...view details