অসম

assam

ETV Bharat / state

কেন্দ্ৰই কেৱল লুটিব জানেঃ দীনেশ বৈশ্য - বাঘজান তৈলখাদ

ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ দীনেশ বৈশ্যই কয় যে,বহু দিনৰে পৰা কেন্দ্ৰীয় চৰকাৰে অসম খন সম্পদ লুন্ঠনৰ এক ঔপনিৱেশিক লৈ পৰিণত কৰিছে। তেওঁলোকৰ বাবে ইয়াৰ মানুহ মৰে,জীয়ে তাৰ কোনো ভ্ৰক্ষেপ নাই। তেওঁলোকৰ লক্ষ্য কেৱল সম্পদ লুন্ঠন ৷

Academician Dinesh baishya comments Baghjan Oil Field Fire case
কেন্দ্ৰই কেৱল লুটিব জানেঃদীনেশ বৈশ্য

By

Published : Jun 10, 2020, 7:17 PM IST

গুৱাহাটী,10 জুনঃ তিনিচুকীয়াৰ বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে আতংকৰ ৷ 14 দিন ধৰি তৈলখাদৰ পৰা গেছ নিৰ্গত হোৱাৰ পিছত মঙলবাৰে বাঘজানৰ তৈলখাদটোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ৷

কেন্দ্ৰই কেৱল লুটিব জানেঃদীনেশ বৈশ্য

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ দীনেশ বৈশ্যই কয় যে,বহু দিনৰে পৰা কেন্দ্ৰীয় চৰকাৰে অসম খন সম্পদ লুন্ঠনৰ এক ঔপনিৱেশিকলৈ পৰিণত কৰিছে। তেওঁলোকৰ বাবে ইয়াৰ মানুহ মৰে,জীয়ে তাৰ কোনো ভ্ৰক্ষেপ নাই। তেওঁলোকৰ লক্ষ্য কেৱল সম্পদ লুন্ঠন ৷ ইয়াৰ উপৰি তৈলখাদত কিদৰে অগ্নি সংযোগ হ'ব পালে ই এটা অতি ডাঙৰ প্ৰশ্ন বুলি মন্তব্য কৰে শিক্ষাবিদগৰাকীয়ে ৷ লগতে বাঘজান অঞ্চলৰ ভোক্তভোগী ৰাইজে উচিত ক্ষতিপূৰণ পাবনে বুলিও প্ৰশ্ন উত্থাপন কৰে শিক্ষাবিদ দীনেশ বৈশ্যই ৷

আনহাতে,বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে,কেন্দ্ৰই অসমৰ ৰ মানুহৰ কথা নুশুনে তেওঁলোকে কেৱল মনে বিচৰা ধৰণে কাম কৰি যায় আৰু অসমৰ সম্পদবোৰ সহজে লুটি নিবলৈ চেষ্টা কৰে।

লগতে পঢ়কঃ যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details