অসম

assam

By

Published : Oct 11, 2022, 10:58 PM IST

ETV Bharat / state

BCCI election 2022: দেৱজিৎ লন শইকীয়া BCCI ৰ নতুন সমিতিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

১৮ অক্টোবৰত অনুষ্ঠিত হ'ব বি চি চি আইৰ নিৰ্বাচন (BCCI election 2022)। বি চি চি আইৰ যুটীয়া সম্পাদক পদৰ বাবে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ দেৱজিত শইকীয়াই (ACA secretary Debjit Saikia) ৷

BCCI election
দেৱজিৎ লন শইকীয়া বি চি চি আইৰ নতুন সমিতিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

গুৱাহাটী, ১১ অক্টোবৰ: বি চি চি আইৰ যুটীয়া সম্পাদক পদৰ বাবে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ দেৱজিত শইকীয়াই (ACA secretary Debjit Saikia) । ১৮ অক্টোবৰত অনুষ্ঠিত হ'ব বি চি চি আইৰ নিৰ্বাচন (BCCI election 2022)।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সভাপতি পদৰ নিৰ্বাচনৰ সমান্তৰালকৈ অন্ত পৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সভাপতিত্ব (BCCI president Sourav Ganguly)। খেলুৱৈ তথা সভাপতিত্ব জীৱনৰ সফল কাৰ্যক্ৰমণিকাৰ অন্ত পৰাৰ পাছত সৌৰভ গাংগুলীৰ আসনত উপৱিষ্ট হোৱাৰ সম্ভাৱনা আটাইতকৈ অধিক প্ৰাক্তন ক্ৰিকেটাৰ ৰ’জাৰ বিন্নীৰ (All rounder Roger Binny)। ৰ’জাৰ বিন্নী আছিল ১৯৮৩ চনৰ ঐতিহাসিক বিশ্বকাপ বিজয়ী দলৰ সদস্য ।

আনহাতে, কেৱল সভাপতি পদৰ বাবেই নহয় বৰং আন বহু কেইটা পদৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন । সভাপতি, উপ-সভাপতিৰ উপৰি যুটীয়া সম্পাদক পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত মনোনয়ন দাখিল কৰিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই । উল্লেখ্য যে, দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰি প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল ।

উল্লেখ্য যে, ১২ অক্টোবৰত অন্ত পৰিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম সময় (Last date of BCCI election nomination)। এতিয়ালৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ প্ৰকাশ পোৱা অনানুষ্ঠানিক তালিকা অনুসৰি বি চি চি আইৰ সভাপতি পদৰ বাবে ৰ'জাৰ বিন্নী, উপ-সভাপতি পদৰ বাবে ৰাজীৱ শুক্লা, যুটীয়া সম্পাদক পদৰ বাবে দেৱজিৎ শইকীয়া আৰু ৰোহন জেটলী, কোষাধ্যক্ষ পদৰ বাবে আশ্বিষ শ্বেলাৰ আৰু আই পি এলৰ অধ্যক্ষ পদৰ বাবে অৰুণ ধুমালে আগবঢ়াইছে মনোনয়ন ।

লগতে পঢ়ক:National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

ABOUT THE AUTHOR

...view details