গুৱাহাটী, ৭ জানুৱাৰী : গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ'ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ (India Srilanka one day match in Guwahati) । ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে অসম ক্ৰিকেট সন্থাই (ACA ready to India Srilanka one day match) । এই কথা আজি সংবাদমেলযোগে সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ।
সংবাদমেলত তেওঁ কয় যে খেলখনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি হৈছে (ACA president press conference) । তদুপৰি, বিশ্বকাপৰ খেল অনুষ্ঠিত কৰাৰ বাবেও সম্পূৰ্ণভাৱে প্ৰস্তুত অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰা ষ্টেডিয়াম । তেওঁ কয় যে ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিতব্য মেচখন সুকলমে হৈ যোৱাৰ কামনাৰে শনিবাৰে কামাখ্যাত প্ৰাৰ্থনা কৰা হৈছে (Cricket world cup 2023) । শুকুৰবাৰ আৰু শনিবাৰৰ ভিতৰত দুয়োটা দল আহি গুৱাহাটী পাবহি বুলিও তেওঁ প্ৰকাশ কৰে ।
ইতিমধ্যে মেচখনৰ বাবে নিৰ্ধাৰিত টিকটৰ ১৫-১৬ হাজাৰ বিক্ৰী হৈছে বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে । আনহাতে, বাহিৰত বিক্ৰীৰ বাবে পঠিওৱা ১০ হাজাৰ টিকটৰ ভিতৰত ৭ হাজাৰ টিকট বিক্ৰী হৈছে । উল্লেখ্য, আগন্তুক এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে বৰ্যাপাৰাৰ এই মেচখন এখন প্ৰস্তুতি মেচ হিচাপে তেওঁ অভিহিত কৰে । অহা ১০ জানুৱাৰীত দিনৰ ডেৰ বজাৰ পৰা মেচখন আৰম্ভ হ'ব । আনহাতে, সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে মেচৰ বাবে আনুষংগিক সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে ।
দৰ্শকে মোবাইল, মানিবেগ, লাঠি নথকা ফ্লেগহে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব বুলি তেওঁ জনায় । এবাৰ প্ৰৱেশ কৰাৰ পিছত দর্শকে মেচ সমাপ্ত হোৱাৰ পিছতহে ষ্টেডিয়ামৰ ভিতৰৰ পৰা ওলাব পাৰিব । উল্লেখ্য, ষ্টেডিয়ামৰ ভিতৰত খোৱাবস্তুৰ অত্যধিক মূল্য ল'লে তেনে কোম্পানীসমূহক ব্লেকলিষ্টেড কৰা হ'ব বুলিও তেওঁ জনায় । আনহাতে, সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে মেচখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে ।