অসম

assam

ETV Bharat / state

অসমত মাৰিলে টিপা নাগপুৰ পালেগৈ শিপা, জয়ন্ত মল্ল বৰুৱাক নাগপুৰলৈ তলব - জয়ন্ত মল্ল বৰুৱাক নাগপুৰলৈ তলব

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ বিৰুদ্ধে পুনৰ প্ৰেছ বিজ্ঞপ্তি ABVP ৰ । মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এক মন্তব্যক লৈ গৰজি উঠিছিল ABVP (Jayant Mallar controversial comment on ABVP)। তাৰ পাছতেই ক্ষমা খুজিছিল মন্ত্ৰীগৰাকীয়ে ।

abvp react to jayantamalla baruah comments
জয়ন্তমল্ল বৰুৱাৰ মন্তব্যৰ প্ৰত্যুত্তৰ ABVP ৰ

By

Published : Aug 23, 2022, 10:38 PM IST

গুৱাহাটী,২৩ আগষ্ট: মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মন্তব্যক উভতি ধৰি ABVP পুনৰ প্ৰেছ বিজ্ঞপ্তি (ABVP re-press release on Jayant Malla remarks) । প্ৰেছ বিজ্ঞপ্তিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে উল্লেখ কৰিছে যে, সমগ্র দেশতে প্ৰতিষ্ঠা হোৱাৰ ৭৫ বছৰ উদযাপন কৰি থকাৰ সময়তে অসম চৰকাৰৰ এজন কেবিনেট মন্ত্রীয়ে বিদ্যাৰ্থী পৰিষদক লৈ অশুভ মন্তব্য কৰাটো দুর্ভাগ্যজনক (Jayant Mallar controversial comment on ABVP) । এয়া কেৱল ABVPকেই নহয় অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক অপমান কৰা হৈছে ।

শিক্ষা বিষয়টোৰ প্ৰতি চিন্তা নকৰি, তেওঁ নিজৰ বিভাগীয় বিষয়ত মনোনিৱেশ কৰা উচিত বুলি মন্তব্য কৰে ABVPৰ প্ৰেছ বিজ্ঞপ্তিত । অসমত বহু অসামাজিক উপাদান, চোৰ, ডকাইত আৰু ৰাষ্ট্ৰ বিৰোধী শক্তি সক্ৰিয় হৈ আছে, মন্ত্ৰীয়ে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক । মন্ত্ৰী গৰাকীৰ যদি বিদ্যাৰ্থী পৰিষদৰ বিষয়ে জ্ঞান নাথাকে তেন্তে আমি তেওঁক প্ৰশিক্ষণ দিব পাৰো বুলিও বিজ্ঞপ্তিত উল্লেখ কৰিছে ।

এজন জনপ্রতিনিধিয়ে এনে তৰল শব্দ ব্যৱহাৰ কৰাটোৱে তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে আৰু অসম ৰাজ্যৰ বাবে দুর্ভাগ্যজক আখ্যা দিয়ে (ABVP slammed MLA Jyanta malla)।

উল্লেখ্য যে, বৰ্তমান চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় দুটিক ইংৰাজী মাধ্যমত পাঠদান কৰোৱা সিদ্ধান্তই মাতৃভাষাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব, যি ভাবুকিৰ কবলত পৰি মাতৃভাষাৰ অস্তিত্ব বিপন্ন তথা নিঃশেষ হোৱাৰ দিশে গতি কৰিব বুলি বহুতেই মত প্ৰকাশ কৰিছে । মাতৃভাষাৰ অস্তিত্ব এনেদৰে নিঃশেষ কৰিব খোজা চৰকাৰৰ সিদ্ধান্তক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তীব্র ভাষাৰে বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্তই বিদ্যার্থীক নিজ মাতৃভাষাৰ পৰা এক বৃহৎ দূৰত্বত অৱস্থিত কৰাব বুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল ।

ইয়াৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰেছ বিজ্ঞপ্তিত স্বাক্ষৰ নথকাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক ইতিকিং কৰিছিল । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক নীতি শিক্ষা দিছিলে । ABVP চোৰ-ডকাইতৰ সৈতে তুলনা কৰি মন্তব্য কৰিছিল । শেহতীয়া খবৰ অনুসৰি জয়ন্ত মল্ল বৰুৱাক নাগপুৰলৈ তলব কৰা হৈছে ৷

লগতে পঢ়ক:পুনৰ উত্তপ্ত হৈ পৰিব নেকি BTAD

ABOUT THE AUTHOR

...view details