অসম

assam

ETV Bharat / state

এন আৰ চিকলৈ সন্দেহঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উত্তাল প্ৰতিবাদ - গুৱাহাটীৰ বাতৰি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাত সন্দেহ প্ৰকাশ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷

এন আৰ চিকলৈ সন্দেহঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 20, 2019, 8:16 AM IST

গুৱাহাটী, 20 আগষ্ট: এন আৰ চি বিসংগতিৰে ভৰাৰ অভিযোগ তুলি মহানগৰীৰ উলুবাৰী হাইস্কুল খেলপথাৰত উত্তাল প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷ এখন শুদ্ধ এন আৰ চিৰ দাবী তুলি সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ প্ৰতিবাদ স্বৰূপে উলুবাৰী হাইস্কুল খেলপথাৰৰ পৰা এন আৰ চিৰ ৰাজ্যিক কাৰ্যালয়লৈ উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷ সংগঠনটোৰ দাবী অবৈধ বাংলাদেশীৰ নাম অন্তভুক্ত হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৷ কিন্তু ইয়াৰ বিপৰীতে বহু খিলঞ্জীয়াৰ নাম বাদ পৰিছে এন আৰ চিত ৷ এই বিষয় সন্দৰ্ভতে সংগঠনটোৰ সদস্যসকলে কঁপাই তোলে মহানগৰীৰ ৰাজপথ ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰে প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৱে ৷ লগতে এন আৰ চিৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী তোলে সংগঠনটোৰ নেতৃত্বই ৷

এন আৰ চিকলৈ সন্দেহঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details