অসম

assam

ETV Bharat / state

শিলসাঁকোৰ উচ্ছেদেই হওক খিলঞ্জীয়াৰ ওপৰত শেষ উচ্ছেদ: দ্বীপেন বড়ো - ABSU president on eviction

শিলসাঁকোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উচ্ছেদিত পৰিয়ালৰ সৈতে মত বিনিময় ABSU আৰু TMPK ৰ এটা সঁজাতি দলৰ (Shilsako Bill eviction) ৷ অসমৰ খিলঞ্জীয়া লোকক ভূমিৰ সুৰক্ষা দিয়াৰ কথা কোৱা চৰকাৰখনে শিলসাঁকো বিলৰ ভূমিত নিৰ্মাণ হোৱা হিম্মৎ সিংকাৰ সু-উচ্চ অট্টালিকা, জিঞ্জাৰ হোটেল, আজমল ফাউণ্ডেচনৰ সম্পত্তি উচ্ছেদ কৰাৰ সলনি কোনো আগতীয়া জাননী নিদিয়াকৈ শিলসাঁকোৰ খিলঞ্জীয়া জনজাতি লোকসকলক উচ্ছেদ চলাইছে বুলিও উল্লেখ কৰে বড়োৱে ।

ABSU and TMPK members visit SilSako bill
ABSU and TMPK members visit SilSako bill

By

Published : May 24, 2022, 10:48 PM IST

গুৱাহাটী,২০ মে’: গুৱাহাটী মহানগৰীৰ শিলসাঁকো জলাশয়ৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা খিলঞ্জীয়া লোকৰ ওপৰত আৰক্ষী-প্ৰশাসনে চলোৱা উচ্ছেদক (Shilsako Bill eviction) লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে । ABSU ৰ সভাপতি দ্বীপেন বড়ো আৰু TMPK ৰ উপ-সভাপতি ৰাহুল ৰোয়িং গগৈৰ নেতৃত্বত এটা সঁজাতি দল মঙলবাৰে দিনৰ ভাগত বৰবাৰী লিচাং নগৰৰ শিলসাঁকোৰ উচ্ছেদিত অঞ্চলত উপস্থিত হয় ৷

শিলসাঁকোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উচ্ছেদিত পৰিয়ালৰ সৈতে মত বিনিময় কৰে দলটোৱে (ABSU and TMPK members visit Shilsako bill)। তাৰ পিছত উচ্ছেদিত অঞ্চলত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰে সঁজাতি দলটোৱে । এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে, দীৰ্ঘদিন ধৰি শিলসাঁকোৰ ভূমিত বসবাস কৰা এই খিলঞ্জীয়া জনজাতি লোকসকলৰ ওপৰত চৰকাৰে চলোৱা আমানৱীয় উচ্ছেদ কোনো কাৰণতে গ্ৰহণ যোগ্য নহয় ।

শিলসাঁকোৰ উচ্ছেদেই হওক খিলঞ্জীয়াৰ ওপৰত শেষ উচ্ছেদ

অসমৰ খিলঞ্জীয়া লোকক ভূমিৰ সুৰক্ষা দিয়াৰ কথা কোৱা চৰকাৰখনে শিলসাঁকো বিলৰ ভূমিত নিৰ্মাণ হোৱা হিম্মৎ সিংকাৰ সু-উচ্চ অট্টালিকা, জিঞ্জাৰ হোটেল, আজমল ফাউণ্ডেচনৰ সম্পত্তি উচ্ছেদ কৰাৰ সলনি কোনো আগতীয়া জাননী নিদিয়াকৈ শিলসাঁকোৰ খিলঞ্জীয়া জনজাতি লোকসকলক উচ্ছেদ চলাইছে বুলিও উল্লেখ কৰে বড়োৱে ।

এই জনজাতীয় লোকসকলক অন্যায়ভাৱে কৰা উচ্ছেদেই শেষ উচ্ছেদ হওক বুলি চৰকাৰক সকীয়াই দি ভৱিষ্যতে যাতে খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ কৰা নহয় তাৰ বাবে চৰকাৰক আহ্বান জনায় এবছুৰ সভাপতিগৰাকীয়ে (ABSU president on eviction)। ইতিমধ্যে কামৰূপ মহানগৰ প্ৰশাসনে চলোৱা আমানৱীয় উচ্ছেদৰ বন্ধ কৰা, উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীক টেলিফোনযোগে অৱগত কৰাৰ কথাও উল্লেখ কৰে দ্বীপেন বড়োৱে । মুখ্যমন্ত্ৰীগৰাকীয়েও ইয়াৰ ইতিবাচক সহাৰি দিয়া বুলি উচ্ছেদিত লোকসকলক অৱগত কৰে সভাপতিজনে ।

ইফালে উচ্ছেদিত লোকক উপযুক্ত ক্ষতিপূৰণ, সংস্থাপন দিয়া আদি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মঙলবাৰে ABSU আৰু TMPK ৰ প্ৰতিনিধিৰ সৈতে চৰকাৰৰ হৈ শিক্ষা তথা ভৈয়াম জনজাতি মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰেচম মন্ত্রী ইউ জি ব্ৰহ্মই এক আলোচনাত মিলিত হোৱাৰ কথা অৱগত কৰে দলটোৱে ৷

লগতে পঢ়ক :চৰকাৰে আইন উলংঘন কৰিলে গণতন্ত্ৰ কেনেকৈ বাচিব: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details