অসম

assam

ETV Bharat / state

MNREGA Job Card : চৰকাৰৰ গাফিলতিৰ বাবে কৰ্মদিনৰ অভাৱত ১০ লাখ লোকে এৰিলে জব কার্ড - এনৰেগা আঁচনিৰ গতি ক্ৰমাৎ স্তিমিত

কংগ্ৰেছৰ দিনত প্ৰৱৰ্তন কৰা অভিলাষী এম জি এনৰেগা আঁচনিৰ প্ৰতি কোনো গুৰুত্ব নাই বিজেপি চৰকাৰৰ । ২০২০-২১ বিত্তীয় বৰ্ষত অসমত এটা পৰিয়ালে এশ দিনৰ ভিতৰত পালে ৩৬ দিন কাম কৰাৰ সুবিধা । ২০২১-২২ বিত্তীয় বৰ্ষত ৩৩ দিন আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৪ দিন কাম কৰাৰ সুযোগ । ২০২১-২২ বিত্তীয় বৰ্ষত অসমত ৩.৪৫ লাখ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৫.৯৬ লাখ লোকে ত্যাগ কৰিলে জব কার্ড । গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ উপাৰ্জনৰ পথ বন্ধ হোৱাত হাহাকাৰ ।

Absence of working days 10 lakh people left Job Card
কৰ্মদিনৰ অভাৱত ১০ লাখ লোকে এৰিলে জব কার্ড

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:33 PM IST

গুৱাহাটী, ৪ নৱেম্বৰ :কংগ্ৰেছৰ দিনৰ বহু জনকল্যাণমূলক আঁচনি বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত নোহোৱা হোৱাৰ উপক্ৰম হৈছে । মূলতঃ বিজেপি চৰকাৰৰ অবহেলা তথা গুৰুত্বহীনতাৰ বাবেই পূৰ্বৰ চৰকাৰৰ বহু কল্যাণমূলক আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে সাধাৰণ জনতা । তেনে এখন অভিলাষী তথা কল্যাণকামী আঁচনি হৈছে এম জি এনৰেগা ।

২০২০-২১ বিত্তীয় বৰ্ষত অসমত এটা পৰিয়ালে এশ দিনৰ ভিতৰত পালে ৩৬ দিন কাম কৰাৰ সুবিধা

উল্লেখ্য যে, পূৰ্বৰ প্ৰধানমন্ত্ৰী তথা বিখ্যাত অর্থনীতিবিদ ড৹ মনমোহন সিঙৰ কাৰ্যকালত ২০০৫ চনত দেশত প্ৰৱৰ্তন কৰা হৈছিল মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লইমেণ্ট গেৰ‍াণ্টি চমুকৈ এম জি এনৰেগা নামৰ আঁচনিখন । এই আঁচনিখনৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল তথা উপাৰ্জনৰ সম্বল নথকা গাঁৱৰ পুৰুষ-মহিলাক বছৰৰ ৩৬৫ দিনৰ ভিতৰত এশ দিনৰ কাম কৰাৰ গেৰাণ্টি দিয়া হৈছিল ।

অভিলাষী এম জি এনৰেগা আঁচনিৰ প্ৰতি কোনো গুৰুত্ব নাই বিজেপি চৰকাৰৰ

যিখন আঁচনিয়ে বহুতকে উপকৃত কৰিছিল । কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত ৯ বছৰীয়া কার্যকালত অসমত এই আঁচনি একপ্ৰকাৰ চূড়ান্তভাৱে ব্যর্থ হোৱাহে দেখা গৈছে । বিশেষকৈ ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ পাচতেই এনৰেগা আঁচনিৰ গতি ক্ৰমাৎ স্তিমিত হৈ পৰে ।

১০ লাখ লোকে এৰিলে জব কার্ড

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত অসমৰ স্বৰূপটো স্পষ্ট হৈ পৰিছে । সমগ্ৰ দেশৰে এনৰেগা আঁচনিৰ খতিয়ানৰ তথ্যত অসমৰ ছবিখন অতি দুখজনক । তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত অসমত এটা পৰিয়ালে এশ দিনৰ ভিতৰত ৩৬ দিনহে কাম কৰাৰ সুবিধা লাভ কৰিছে । তেনেদৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৩৩ দিন আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৪ দিন কাম কৰাৰ সুযোগ দিয়া হৈছে ।

কৰ্মদিনৰ অভাৱত ১০ লাখ লোকে এৰিলে জব কার্ড

উল্লেখ্য যে, ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠনৰ পাচতেই এনৰেগা আঁচনিত দুর্নীতি সংঘটিত হোৱাৰ অভিযোগত এই আঁচনিখন বন্ধ কৰাৰ বাবে সক্ৰিয়ভাৱে চিন্তা কৰা হৈছিল । কিন্তু ভোটৰ অংকত জনকল্যাণমূলক এই আঁচনিখন বন্ধ কৰাৰ সাহস নহ'ল বিজেপি চৰকাৰ । কাৰণ দেশৰ কোটি কোটি গ্ৰাম্য পৰিয়ালৰ জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে আঁচনিখনত ।

ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে আঁচনিখন চলাই আছে যদিও দেশৰ আন ৰাজ্যৰ তুলনাত অসমত আঁচনিখন নোহোৱা হোৱাৰ উপক্ৰম হৈছে । চৰকাৰৰ অবহেলাৰ বাবেই ২০২১-২২ বিত্তীয় বৰ্ষত অসমত ৩.৪৫ লাখ এনৰেগা আঁচনিৰ অধীনত জব কার্ড থকা লোকে উপার্জনহীন হৈ থাকিবলগীয়া হোৱাত জব কার্ড এৰিবলৈ বাধ্য হৈছে । এই কথা চৰকাৰী তথ্যতেই প্ৰকাশ পাইছে ।

তেনেদৰে শ্ৰমদানৰ বিনিময়ত মজুৰি লাভ কৰাৰ পথ বন্ধ হৈ পৰাৰ ফলতে ২০২২-২৩ বিত্তীয় বৰ্ষটোত অসমৰ গাঁও অঞ্চলৰ ৫.৯৬ লাখ লোকে জব কার্ড সংশ্লিষ্ট পক্ষক গতাই দিবলৈ বাধা হৈছে । এনেদৰে বিগত দুটা বিত্তীয় বছৰৰ ভিতৰতে অসমৰ গাঁও অঞ্চলত উপার্জনহীন লোকৰ বাবে সংশ্লিষ্ট বিভাগে বছৰি এশদিনীয়া কৰ্মদিনৰ সুবিধা কৰি দিব নোৱাৰাৰ ফলত প্ৰায় ১০ লাখ লোকে জব কার্ড এৰিবলৈ বাধ্য হৈছে ।

উল্লেখ্য যে, গাঁও অঞ্চলৰ দুখীয়া পৰিয়ালসমূহক আৰ্থিক সকাহ দিয়াৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ দিনত প্ৰৱৰ্তন কৰা এনে এখন দূৰদৰ্শী আঁচনি এতিয়া বিজেপি চৰকাৰৰ দিনত অৱহেলিত হৈ পৰিছে । এম জি এনৰেগা আঁচনিখন বিভাগৰ লগতে চৰকাৰৰ দৃষ্টিতো অৱহেলিত হৈ পৰাত সামগ্ৰিকভাৱে সমগ্ৰ অসমৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰ তথা আৰ্থিকভাৱে দুৰ্বল একাংশ পৰিয়ালৰ নিম্নতম আয়ৰ পথো স্তব্ধ হৈ পৰিছে । যাৰ ফলত বহু পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Bhupen Hazarika Central Memorial Day program : চিলাপথাৰত ড৹ ভূপেন হাজৰিকাৰ কেন্দ্ৰীয় স্মৃতি দিৱসৰ আয়োজন

ABOUT THE AUTHOR

...view details