গুৱাহাটী, 11 জুলাই : লক ডাউনৰ মাজতো অব্যাহত আছে অবৈধ চুলাইৰ বেহা। কিন্তু ব্যৱসায়ীয়ে সলনি কৰিছে কৌশল। শনিবাৰে আৱকাৰী বিভাগৰ অভিযানৰ পিচত এনে এক ঘটনা পোহৰলৈ আহে। পুলিচ ডিউটি ষ্টিকাৰ মৰা এখন উইংগাৰ বাহনত জব্দ হয় প্ৰায় ৪০০ লিটাৰ চুলাই। উইংগাৰ বাহনখনৰ নম্বৰ AS 25 CC 9524 ।
আৰক্ষীৰ বাহনত উদ্ধাৰ চুলাই - উইংগা
পুলিচ ডিউটি ষ্টিকাৰ মৰা এখন উইংগাৰ বাহনত জব্দ হয় প্ৰায় ৪০০ লিটাৰ চুলাই। উইংগাৰ বাহনখনৰ নম্বৰ AS25CC9524 ।
![আৰক্ষীৰ বাহনত উদ্ধাৰ চুলাই 400 liter whits seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7991028-342-7991028-1594507941680.jpg)
400 liter whits seized
আৰক্ষীৰ বাহনত উদ্ধাৰ চুলাই
গোৰেশ্বৰৰ পৰা গুৱাহাটীলৈ বিক্ৰী কৰিবৰ বাবে আনিছিল চুলাইখিনি। আৱকাৰী বিভাগে খবৰ লাভ কৰি আমিনগাঁৱৰ পৰা খেদি খেদি জালুকবাৰীত জব্দ কৰে চুলাইভৰ্তি উইংগাৰখন। গ্ৰেপ্তাৰ হয় তিনিজনকৈ লোক। গ্ৰেপ্তাৰ হয় চুলাই ব্যৱসায়ী ক্ৰমে বগী বাছফৰ, শম্ভূ বাছফৰ আৰু চালক মনোৱাৰ আলী। চালক মনোৱাৰ আলী ভাষ্য অনুসৰি পুলিচ ৰিজাৰ্ভত ব্যৱহাৰ হৈ আছে গাড়ীখন। বাইহাটা চাৰিআলিৰ ফালৰ পৰা আহি থকা অৱস্থাত উইংগাৰখন ভাড়া কৰি আনিছিল চুলাই ব্যৱসায়ী দুটাই।
লগতে পঢ়ক :ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী, পলাতক মূল অভিযুক্ত