গুৱাহাটী,8 ছেপ্তেম্বৰ: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা ৷ বিশ্ববাসীৰ সন্মুখত অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰা প্ৰাতঃস্মৰণীয় এটি নাম হৈছে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা । আজি 8 ছেপ্তেম্বৰ, বিশ্ববৰেণ্য শিল্পীগৰাকীৰ 94 সংখ্যক ওপজা দিন ৷ সমগ্ৰ ৰাজ্যজুৰি শিল্পীগৰাকীৰ অলেখ গুণমুগ্ধই পালন কৰিলে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটি ৷ কৰ’ণা মহামাৰীৰ মাজতে ৰজাঘৰীয়াই মহা আড়ম্বৰপূৰ্ণভাৱে শিল্পীগৰাকীৰ সমাধিত আয়োজন কৰিলে স্মৃতি তৰ্পণ অনুষ্ঠানৰ ৷ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাৰে সুঁৱৰিলে সৰ্বকালৰ মহান শিল্পীগৰাকীক ৷
পিছে এক বিপৰীত ছবি পৰিলক্ষিত হ’ল শিল্পীগৰাকীৰ মহানগৰীস্থিত নিজৰাপাৰৰ বাসভৱনত ৷ বিশ্ব দৰবাৰত অসমীয়া জাতিটোক চিনাকী কৰাই দিবলৈ সক্ষম হোৱা এইগৰাকী শিল্পীৰ বাসভৱনত এতিয়া নিমাওমাও পৰিৱেশ ৷ পৰিচালনাৰ অভাৱত জাৱৰৰ দ’ম বান্ধিছে বাসভৱনটোৰ চৌহদত ৷
পৰিচৰ্যাৰ অভাৱত এলাগী হৈ ৰৈছে সুধাকণ্ঠৰ বাসগৃহ শিল্পীগৰাকীৰ মৃত্যুৰ পিছত ততাতৈয়াকৈ গঠন হোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আজি সময় নাই শিল্পীগৰাকীৰ বাসভৱনৰ আপদাল কৰিবলৈ ৷ তাৎপৰ্যপূৰ্ণভাৱে গণ শিল্পীগৰাকীৰ নিকটাত্মীয়ই সুধাকণ্ঠৰ সাংস্কৃতিক কৰ্মৰ সৃষ্টিস্থলী এই বাসভৱনটোৰ চৌপাশ সুন্দৰকৈ ৰখাত পালন কৰিছে নিস্পৃহ ভূমিকা ৷ যাৰ বাবে এতিয়া বন-জংঘলে আৱৰি ধৰিছে বাসগৃহটোৰ চৌহদ ৷
উল্লেখ্য যে, যিটো সময়ত চৰকাৰে লক্ষাধিক টকা ব্যয়েৰে শিল্পীগৰাকীৰ জন্ম বা মৃত্যু বাৰ্ষিকীত আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে, তেনে প্ৰেক্ষাপটত মহান শিল্পীগৰাকীৰ বাসভৱনৰ চৌহদত এখন নামফলকো লগাবলৈ সক্ষম নোহোৱা বিষয়টোৱে চৰকাৰ তথা প্ৰশাসনৰ পালমৰা স্বভাৱটোকে উন্মোচিত কৰিছে ৷ আজীৱন মানুহৰ বাবে গীত গাই ফুৰা হাজৰিকাৰ কায়িক অনুপস্থিতিত স্মৃতিবাহক ঘৰখনৰ এই এৰালপৰীয়া অৱস্থাটোক হয়তো তাহানিয়েই গানেৰে বৰ্ণনা কৰিছিল এনেদৰে- বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ’ব নিঃশেষ... ৷
লগতে চাওকঃওপজাদিনত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ