গুৱাহাটী, ৩০ অক্টোবৰ :সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত 200৮ চনৰ 30অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শনিবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় । লতাশিল খেলপথাৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । অনুষ্ঠানত উপস্থিত থাকি অভিশপ্ত দিনটোত প্ৰাণ আহুতি দিয়া লোক সকলক শ্ৰদ্ধাঞ্জলি জনায় আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷
তেওঁ কয় যে, আজিৰ দিনটো অসমৰ জনসাধাৰণে পাহৰিব নোৱাৰে । আজিৰ দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণ অসমৰ কেইবাটাও স্থানত হৈছিল । সন্ত্ৰাসবাদক পুলিয়ে পোখালিয়ে উৎখাত কৰিবলৈ সন্ত্ৰাসবাদ নিপাত যাওক ধনীৰে শক্তিশালী বাৰ্তা চৰকাৰলৈ প্ৰেৰণ কৰিব খুজিছো । আজিলৈ বোমা বিস্ফোৰণৰ লগত জড়িত সকলোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ সক্ষম নহ’ল । এয়া চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা । চৰকাৰে কিমান দিনৰ ভিতৰত বোমা বিষ্ফোৰণৰ লগত জড়িত সকলোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব ।