গুৱাহাটী,২৯ জুলাইঃঅসমৰ প্ৰাকৃতিক সম্পদ লুন্ঠন,জৈৱ বৈচিত্ৰ বিনষ্ট কৰাৰ এক ভয়ংকৰ উদ্দেশ্য আগত লৈ অতি সোনকালেই আহি আছে এখন নতুন আইন। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই নতুন আইনৰ খচৰা প্ৰস্তুত কৰিছে । এই খচৰাৰ নাম হৈছে ENVIRONMENT IMPACT ASSESMENT 2020 (EIA)। সমগ্ৰ দেশজুৰি বলৱৎ হ'ব EIA। উদ্যোগ স্থাপনৰ পূৰ্বে জৈৱ বৈচিত্ৰৰ ওপৰত পৰিব পৰা ইয়াৰ প্ৰভাৱ সন্দৰ্ভত এতিয়াৰে পৰা কোনো যুক্তি,কোনো প্ৰতিবাদ নাখাটিব। ইয়াৰ কোনো প্ৰতিবাদ কৰিব নোৱাৰিব সাধাৰণ জনতাই।
লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ - ENVIRONMENT IMPACT ASSESMENT 2020
EIAৰ খচৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ এশ কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰৰ অঞ্চলৰ পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পৰ ক্ষেত্ৰত নাগৰিকে কোনো প্ৰশ্ন কৰিব নোৱাৰিব । এই ক্ষেত্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসম । কিয়নো পাঁচখনকৈ ৰাষ্ট্ৰৰ সীমাই বেৰি ৰাখিছে অসমক ।
![লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ AASU's General Secretary Lurinjyoti Gogoi's Exclusive Interview](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8223239-thumbnail-3x2-lurin.jpg)
যাৰ ফলত দেশৰ বৃহৎ ব্যৱসায়ী গোষ্ঠীয়ে অনায়াসে লুণ্ঠন কৰি নিব পাৰিব প্ৰাকৃতিক সম্পদ। এই নতুন খচৰাত প'ষ্ট ফেক্ট' ক্লিয়াৰেঞ্চৰ কথা কোৱা কৈছে। যাৰ পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰৰে ভৰপূৰ কোনো অঞ্চলত যিকোনো উদ্যোগ স্থাপনৰ বাবে কোনো ধৰণৰ আগতীয়া অনুমতিৰো প্ৰয়োজন নহ'ব। EIAৰ খচৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ এশ কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰৰ অঞ্চলৰ পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পৰ ক্ষেত্ৰত নাগৰিকে কোনো প্ৰশ্ন কৰিব নোৱাৰিব। এই ক্ষেত্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসম । কিয়নো পাঁচখনকৈ ৰাষ্ট্ৰৰ সীমাই বেৰি ৰাখিছে অসমক ।