অসম

assam

By

Published : Sep 24, 2020, 3:05 PM IST

Updated : Sep 24, 2020, 10:20 PM IST

ETV Bharat / state

ৰাজ্যজুৰি আছুৰ প্ৰতিবাদঃ ৰাজ্যৰ চুকে-কোনে জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

AASU PROTEST OVERALL
নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

21:59 September 24

বিজনীৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

বিজনীৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

চিৰাং, 24 ছেপ্তেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৃহস্পতিবাৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ অধীনত হৈ যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে ৷ ইমানেই নহয়, যিসকল দোষীক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক উচিত শাস্তি প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায়-হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাত, বিজেপি চৰকাৰ গ' বেক, আদি শ্লগানেৰে বিজনীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

20:17 September 24

টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

টীয়ক, 24 ছেপ্তেম্বৰঃ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো আজি বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰে । টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া জাতি ছাত্ৰ সন্থাৰ সহযোগত বৃহস্পতিবাৰে বিয়লি প্ৰতিবাদ সাব্যস্ত কৰা হয় । জাতি মাটিৰ ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনা কৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা সংগঠনকেইটাই ।

18:18 September 24

বিশ্বনাথ চাৰিআলিত আছুৱে জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

বিশ্বনাথ, 24 ছেপ্তেম্বৰঃ সমগ্র ৰাজ্য লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি আৰু মহকুমা আছুৰ সদস্য সকলে বিশ্বনাথ জিলা ছহীদ ভৱনৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শেহতীয়াকৈ চৰকাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা কাণ্ডৰ লগত ব্যক্তিক কোঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ কৰি প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবালৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

17:12 September 24

নগাঁৱতো জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

নগাঁৱতো জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

নগাঁও, 24 ছেপ্তেম্বৰঃঅসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ নগাঁও জিলা সন্থাই । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখততে ছাত্র সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে । গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তি দাহ কৰে প্ৰতিবাদকাৰী সকলে ।

16:52 September 24

গোলাঘাটত আছুৰ প্ৰতিবাদ

গোলাঘাটত আছুৰ প্ৰতিবাদ

গোলাঘাট, 24 ছেপ্তেম্বৰঃ গোলাঘাটত আছুৰ প্ৰতিবাদ। অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদ আৰু গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিসংগতিৰ বিৰুদ্ধে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ । গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে । অতি শীঘ্ৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় সংগঠনটোৱে ।

16:35 September 24

মৰিগাঁৱত প্ৰতিবাদী আছুৰ কৰ্মীক গ্ৰেপ্তাৰ আৰক্ষীৰ

মৰিগাঁও, 28 ছেপ্তেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো অসম আৰক্ষীৰ উপ-পৰিৰ্দশক বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ সময়তে বাধা আৰোপ কৰে মৰিগাঁও আৰক্ষীয়ে । অৱশেষত প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ।

15:42 September 24

চি বি আইৰ তদন্ত বিচাৰি তেজপুৰত আছুৰ উত্তাল প্ৰতিবাদ

চি বি আইৰ তদন্ত বিচাৰি তেজপুৰত আছুৰ উত্তাল প্ৰতিবাদ

তেজপুৰ,২৪ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বাবে ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া কৰি তেজপুৰত শোণিতপুৰ জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্র সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰ চহৰৰ মাজমজিয়াত জাতীয় শ্বহীদ বেদীৰ সমীপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে । প্ৰতিবাদকাৰীসকলে প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আই ক অৰ্পণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

15:30 September 24

আছুৰ প্ৰতিবাদত উত্তাল আমিনগাঁও

আছুৰ প্ৰতিবাদত উত্তাল আমিনগাঁও

আমিনগাঁও, 24 ছেপ্তেম্বৰঃ আমিনগাওঁত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । ৰাজ্যৰ গৃহ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ৷

15:18 September 24

ৰঙিয়া হাইৱে চকত আছুৰ তীব্ৰ প্ৰতিবাদ

ৰঙিয়া, 24 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত হোৱা খেলিমেলিৰ বাবে ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া কৰি সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ । ৰঙিয়া হাইৱে চকত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ছাত্ৰ সন্থাৰ সদস্য সকলে চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।

15:07 September 24

নাৰায়নপুৰত প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

নাৰায়নপুৰত প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

নাৰায়নপুৰ, 24 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ SI পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ বাবে ৰাজ্যৰ গৃহ বিভাগক পোনপতীয়াকৈ জগৰীয়া কৰি নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি নগৰখনৰ মাজমজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে মুখ্যমন্ত্ৰী সবানন্দ সোণোৱাল আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত সকলক কঠোৰ শাস্তি দাবী তুলিছে ৷

14:45 September 24

নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

নলবাৰী, 24 ছেপ্তেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নলবাৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । নলবাৰী চহৰৰ মাজেৰে ৰেলি কৰি অসম চৰকাৰ হায়-হায়, মুখ্যমন্ত্ৰী হায়-হায় ধ্বনিৰে নলবাৰী চহৰ কঁপাই তোলে ।
 

Last Updated : Sep 24, 2020, 10:20 PM IST

ABOUT THE AUTHOR

...view details