অসম

assam

ETV Bharat / state

গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত AASUৰ প্ৰতিবাদী সমদল - protest in Guwahati

গুৱাহাটীবাসীক কেতিয়া যোগান ধৰা হ'ব বিশুদ্ধ খোৱাপানী ? চৰকাৰলৈ এই প্ৰশ্ন সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ । বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত বুধবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সদস্যসকলে(AASU stages protest in Guwahati) ।

AASU protest in Guwahati
বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত AASUৰ প্ৰতিবাদী সমদল

By

Published : Dec 15, 2021, 6:44 PM IST

গুৱাহাটী, ১৫ ডিচেম্বৰ: মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত বুধবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই(AASU stages protest in Guwahati) । গুৱাহাটীৰ উজান বজাৰ শ্বহীদ ন্যাসৰ পৰা লতাশিললৈ প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৰ কৰ্মকৰ্তাসকলে । বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰা অসম চৰকাৰ হুচিয়াৰ, গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীক লৈ ভুৱা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক, গুৱাহাটী পৌৰ নিগম হায় হায় আদি শ্ল'গান দি হাতে হাতে বাল্টি, কলহ, বেনাৰ, পোষ্টাৰ লৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে, মহানগৰবাসীয়ে বছৰ বছৰ ধৰি খোৱাপানীৰ বাবে হাহাকাৰ কৰি আহিছে (Drinking water crisis in Guwahati)।

গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত AASUৰ প্ৰতিবাদী সমদল

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতাই চৰকাৰক সমালোচনা কৰি কয় যে, বিশুদ্ধ খোৱাপানী যোগান ধৰাত চৰকাৰ ব্যৰ্থ হৈছে । চৰকাৰ আহিছে আৰু গৈছে, কিন্তু খোৱাপানীৰ সমস্যা সমাধান হোৱা নাই । অগপ, কংগ্ৰেছ পাচত এতিয়া বিজেপিৰ দিনতো মহানগৰবাসীক খোৱাপানী যোগানৰ নামত কেৱল ভুৱা প্ৰতিশ্ৰুতি দি থকা হৈছে । গুৱাহাটীবাসী আজি পৰ্যন্ত বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা বঞ্চিত হৈ আছে ।

মহানগৰবাসী নিশ্চিত নহয় যে, তেওঁলোকে খোৱাপানী কেতিয়া পাব । আছুৱে দাবী কৰিছে যে, ৰাইজক প্ৰতিশ্ৰুতি নালাগে, ফলাফলহে লাগে । চৰকাৰৰ সৎ সাহস আছে যদি গুৱাহাটীবাসীক কেতিয়া বিশুদ্ধ খোৱাপানী যোগান ধৰিব তাৰ দিন বাৰ তাৰিখ ঘোষণা কৰিবলৈ আছুৱে দাবী জানাইছে ।

উল্লেখ্য যে, মহানগৰীত দক্ষিণ-পশ্চিম গুৱাহাটী , দক্ষিণ গুৱাহাটী চেন্ট্ৰেল, দক্ষিণ-পূৱ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৪ টা পানী যোগান প্ৰকল্পৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই । তদুপৰি মহানগৰীত ৩০% পানীহে জি এম চিয়ে যোগান ধৰে । ফলত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় মহানগৰবাসীয়ে । গুৱাহাটীৰ একাংশ লোকে নিজাববীয়াকৈ কুৱা, বৰিং আদি বহুৱাই পানীৰ ব্যৱস্থা কৰিছে যদিও অধিকাংশ লোকে অধিক দৰত পানী ক্ৰয় কৰি তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক:AAMSU Protest at hojai : হোজাইৰ উচ্ছেদিত লোকসকলক সংস্থাপনৰ দাবী আমছুৰ

ABOUT THE AUTHOR

...view details