গুৱাহাটী, 7 নৱেম্বৰ:অত্যাৱশ্যকীয় সামগ্ৰীৰমূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগ তথা চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগত ৰাজ্যজুৰি ভিন্ন ধৰণে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আলু পিঁয়াজৰ মালা পিন্ধি মহানগৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷
খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন দল সংগঠনে এতিয়া ৰাজ্য চৰকাৰৰ লগতে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীক সমালোচনাৰে থকা সৰকা কৰা পৰিলক্ষিত হৈছে ৷
শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ দক্ষিণ গুৱাহাটী শাখাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আলু পিঁয়াজৰ মালা পিন্ধি হাতে হাতে কাঁহী-বাটি লৈ প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে ৷