অসম

assam

By

Published : Jun 11, 2020, 3:09 AM IST

ETV Bharat / state

অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়াৰ চৰম হেমাহীৰ বাবে সংঘটিত হ'ল বাঘজানৰ ঘটনা : লুৰিণজ্যোতি গগৈ

"কেৱল সম্পদৰ ওপৰত কেৱল চকু দিলে নহ'ব, সম্পদ আহৰণ কৰিবলৈ যাওঁতে ঘটা দুৰ্যোগৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগিব ।" - বাঘজানৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সন্দৰ্ভত এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ ৷

baghjan
baghjan

গুৱাহাটী, 10 জুন :বাঘজানৰ ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া । গেছ আৰু তেল নিৰ্গমনৰ ফলত কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই কথা পূৰ্বতে অনুমান কৰি বিহীত ব্যৱস্থা নোলোৱাৰ ফলত এই ভয়াবহ কাণ্ড সংঘটিত হ'বলৈ পালে বুলি উদ্বেগ প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে । এই ঘটনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে জগৰীয়া কৰিলে অইল ইণ্ডিয়া,অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ।

বাঘজানৰ ঘটনা সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য

অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়াৰ চৰম হেমাহীৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি কয় সাধাৰণ সম্পাদক গৰাকীয়ে । চৰকাৰক জগৰীয়া কৰি এনে এক দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী দুগৰাকীয়ে ৰাইজৰ কাষত থিয় নোহোৱাত ধিক্কাৰ দি তেওঁ কয় যে এনে সময়ত ব্যক্তিগত বাহনত বিদেশৰ পৰা বিশেষজ্ঞ দল কিয় আনিব নোৱাৰিলে চৰকাৰে। আনহাতে, অইল ইণ্ডিয়া অথবা চৰকাৰে নিয়মমাফিক সাহাৰ্য প্ৰদান কৰি দায় সাৰিব নোৱাৰিব বুলি সঁকীয়াই দিয়ে লুৰিণজ্যোতি গগৈয়ে । ইয়াৰ লগতে জৈৱ বৈচিত্ৰৰে ভৰপূৰ স্থান আৰু মানুহৰ বাবে বিপদ সংকুল পৰিবেশত এনে তেলৰ খনন হ'ব নোৱাৰিব বুলি স্পষ্ট দাবী উত্থাপন কৰিছে সাধাৰণ সম্পাদক গৰাকীয়ে। ভৱিষ্যতে দুৰ্যোগৰ সৈতে মুকাবিলা কৰিব পৰা এক বিশেষ দল যাতে থাকে সেই কথা স্পষ্ট কৰি সঁকীয়াই দিয়ে চৰকাৰৰ লগতে অইল ইণ্ডিয়াক।

লগতে পঢ়ক :বাঘজানৰ অগ্নিকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আছেঃ প্ৰাক্তন বিধায়ক ৰাজু চাহু

ABOUT THE AUTHOR

...view details