গুৱাহাটী, 12 আগষ্ট: অসম বিধান সভাৰ 126 খন আসনৰ 80 % এনেই যদি সংৰক্ষণৰ আওতালৈ আহে তেতিয়াহলে ৰাজ্যৰ কোনটো জনগোষ্ঠী অধিক লাভ বা লোকচানৰ সন্মুখীন হ'ব ? অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বিষয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনখন সদৌ অসম ছাত্ৰ সন্থা চমূকৈ আছুয়ে প্ৰতিবেদনখনৰ মূল অংশ ৰাজহুৱা কৰাৰ পিচত ৰাজ্যৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা ।
লগতে পঢ়কঃটিংখাঙৰ ৰাজগড়ত CAA বিৰোধী ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ
উল্লেখ্য যে, অসম বিধানসভাৰ সমষ্টি সমূহ পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়ি অহাৰ সময়তে অধিক প্ৰাসংগিক হৈ পৰা অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণে কি প্ৰভাৱ পেলাব সেয়া লক্ষনীয় । উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন দাখিল কৰাৰ পিচতো বিগত পাঁচ মাহ ধৰি পেলাই থোৱা বুলি ক্ষোভ প্ৰকাশ কৰি আছুয়ে চৰকাৰক সমালোচনা কৰে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক বিবৃতিযোগে কয় যে, অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ । অৰ্থাৎ যদি চৰকাৰে অতি সোনকালেই কমিটিৰ প্ৰতিবেদন বাস্তবায়িত কৰাৰ সিদ্ধান্ত লয় তেতিয়াহলে ই ৰাজ্যৰ ৰাজনীতিত বিশেষভাবে প্ৰভাৱিত কৰাটো নিশ্চিত ।
বিধানসভাত 100 শতাংশ সংৰক্ষণে বিপদত পেলাব কাক ? 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত কমিটীয়ে স্পষ্টভাবে কৈছে যে, বিধান সভাত 80 শতাংশ আসন সংৰক্ষণ অসমীয়াৰ বাবে হ'ব লাগে । একেদৰে এই কথাও আঙুলিয়াই দিছে যে, 1951 চনত ভোটাৰ তালিকাত থকা বা প্ৰব্ৰজিত লোক সকলহে অসমৰ খিলঞ্জীয়া । সেয়ে এতিয়া অসমৰ ভূমিত ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব লাগিলে প্ৰথম প্ৰশ্ন হ'ব তেওঁক অসমীয়াৰ সংজ্ঞাই সামৰি ল'ব নে নল'ব ? এই প্ৰেক্ষাপটত অসমৰ সংখ্যালঘু ৰাজনীতিয়ে কি পাক লয় সেয়া লক্ষণীয় হ'ব । মনকৰিবলগীয়া যে, চৰকাৰলৈ বাট নাচাই আছুয়ে প্ৰতিবেদনখন ৰাজহুৱা কৰাক লৈও কমিটীৰ সন্মানীয় সদস্য সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত কমিটীৰ অন্যতম সদস্য হিমন্ত চলিহাই আজি ইটিভি ভাৰতক কয় যে, যিহেতু চৰকাৰে এই প্ৰক্ৰিয়াটোৰ আৰম্ভ কৰিছিল, প্ৰতিবেদনখন চৰকাৰৰ দ্বাৰাই ৰাজহুৱা হোৱা হেঁতেন ভাল আছিল ।