অসম

assam

ETV Bharat / state

সংবিধান সংশোধনেৰে নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু আছু

সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে অসমৰ প্ৰায় প্ৰতিটো প্ৰজন্মৰে আৱেগ-অনুভূতি । সমান্তৰালভাৱে ছাত্ৰ সংগঠনটোৰ প্ৰতি আছে বহুজনৰ ক্ষোভ। এনে প্ৰেক্ষাপটতে আছুয়ে অভিযোগ-প্ৰতি অভিযোগৰ পৰিবেশ আঁতৰাই সংবিধান সংশোধনৰ জৰিয়তে সংগঠনটোক নতুন বাটেৰে আগুৱাই নিবলৈ সাজু হৈছে । অহা 19 নৱেম্বৰৰ পৰা ডুলীয়াজানত অনুষ্ঠিত হ'বলগীয়া পূৰ্ণাঙ্গ অধিবেশনৰ যোগেদি কাৰ্যতঃ নতুন ৰূপত আত্মপ্ৰকাশ কৰিব আছুৱে । আছুৰ বৰ্তমানৰ নেতৃত্বৰ এনে সিদ্ধান্তই অসমৰ ৰাজনীতিতো বিশেষ প্ৰভাৱ পেলাব বুলি ইতিমধ্যে চৰ্চিত হৈছে।

aasu-ready-to-make-a-new-appearance-with-the-amendment-of-the-constitution
সংবিধান সংশোধনেৰে নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু আছু

By

Published : Nov 10, 2020, 8:55 PM IST

গুৱাহাটী,10নৱেম্বৰঃসদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে অসমৰ প্ৰায় প্ৰতিটো প্ৰজন্মৰে আৱেগ-অনুভূতি । সমান্তৰালভাৱে ছাত্ৰ সংগঠনটোৰ প্ৰতি আছে বহুজনৰ ক্ষোভ। এনে প্ৰেক্ষাপটতে আছুয়ে অভিযোগ,প্ৰতি অভিযোগৰ পৰিবেশ আঁতৰাই সংবিধান সংশোধনৰ জৰিয়তে সংগঠনটোক নতুন বাটেৰে আগুৱাই নিবলৈ সাজু হৈছে । অহা 19 নৱেম্বৰৰ পৰা ডুলীয়াজানত অনুষ্ঠিত হ'বলগীয়া পূৰ্ণাঙ্গ অধিবেশনৰ যোগেদি কাৰ্যতঃ নতুন ৰূপত আত্মপ্ৰকাশ কৰিব আছুৱে । আছুৰ বৰ্তমানৰ নেতৃত্বৰ এনে সিদ্ধান্তই অসমৰ ৰাজনীতিটো বিশেষ প্ৰভাৱ পেলাব বুলি ইতিমধ্যে চৰ্চিত হৈছে ।

সংবিধান সংশোধনেৰে নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু আছু

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাত ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ দৰে পঞ্চাশোৰ্ধ নেতা কিয় ছাত্ৰ সংগঠনত থাকিব লাগে বুলি দীৰ্ঘ দিন ধৰি উত্থাপন হৈ আহিছিল প্ৰশ্নৰ ৷ কিন্তু সংবিধানৰ সংশোধনেৰে এই প্ৰশ্নৰো অৱসান ঘটিব বুলি আশাবাদী নেতৃবৃন্দ ৷ মন কৰিবলগীয়া কথা যে, কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা কাৰ্যনিৰ্বাহকত সন্থাৰ সংবিধান সংশোধন কৰাৰ বাবে এখন কমিটি গঠন কৰি দিয়া হয় । সন্থাৰ সভাপতি দিপাঙ্ক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে উদীপ্ত গগৈ, উৎপল শৰ্মা, জুলু খাউন্ড, দুলু গগৈকে প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ সদস্যক লৈ গঠন কৰা হৈছে এই সংবিধান সংশোধন সমিতি ৷ এই সমিতিয়ে ডুলীয়াজান অধিবেশনত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব । এই সংবিধান সংশোধনী প্ৰস্তাৱৰ মূল প্ৰস্তাৱ হ'ব চল্লিশৰ উৰ্দ্ধৰ কোনো 'ছাত্ৰ' সাধাৰণ সদস্য হৈ থাকিব নোৱাৰিব আছুত ৷ এই সংশোধনী প্ৰস্তাৱ অধিবেশনত গৃহীত হোৱাৰ পিছতে ছাত্ৰ সংগঠনটোৰ পৰা এক বৃহৎ সংখ্যক সদস্য তথা ছাত্ৰনেতা ওলাই আহিবলৈ বাধ্য হ'ব । ইতিমধ্যে সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছু ত্যাগ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰাৰ পিছতে বিষয়টো আৰু অধিক তৰাণ্বিত হৈছে ।

নুই কৰিব নোৱাৰি, আছুৰ অৰাজনৈতিক পৰিচয়ৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ আছে অসমৰ ৰাজনৈতিক ইতিহাস আৰু বৰ্তমান। এই মঞ্চত থাকিয়েই অসমৰ ভালে সংখ্যক ছাত্ৰ নেতাই নিজৰ ৰাজনৈতিক ভৱিষ্যত গঢ়িছে । ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও আছুৰ মঞ্চতে দীৰ্ঘকাল ধৰি থাকি নিজৰ ৰাজনৈতিক জীৱন গঢ় দিছিল। একেদৰে অসম গণ পৰিষদৰ বৰ্তমানৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে আদি কৰি বৰ্তমান চৰকাৰ খনৰ বহু সংখ্যক মন্ত্ৰী-বিধায়কে আছুৰ মজিয়াত দীৰ্ঘকাল ধৰি থাকি নিজকে ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে সাজু কৰিছিল ৷ কিন্তু এতিয়া আৰু সেই দিন নাথাকিব । ছাত্ৰ সংগঠনটোৰ সংবিধানৰ নতুন ৰূপে সেয়ে বহুজনক হতাশ কৰাটোও স্বাভাবিক। এই পৰিবৰ্তন দেশৰ অন্য প্ৰান্তৰৰ বাবেও হ'ব এক উদাহৰণ ।

লগতে পঢ়কঃডিফুৰ ৰাংছিনা ভৱনত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং

ABOUT THE AUTHOR

...view details