গুৱাহাটী, ৩০ জুলাই:কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা নতুন শিক্ষা নীতিক লৈ বিস্তৃত পৰ্যালোচনাৰ প্ৰয়োজন আছে । এই মন্তব্য সদৌ অসম ছাত্র সন্থা (আছু)ৰ । সমগ্ৰ দেশতে বলবৎ হ'বলগীয়া এই নতুন শিক্ষা নীতি সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে,নতুন শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰাৰ সময়তে আছুৱে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল। তাৰ ভিতৰত আছিল মাতৃভাষাৰ বিষয়টোও। মাধ্যমিক পৰ্যায়লৈকে মাতৃভাষা বাধ্যতামূলক হোৱাটো আছুৱে বিচাৰিছিল। কিন্তু নতুন শিক্ষা নীতিত দেখা গৈছে এই ব্যৱস্থা পঞ্চম শ্ৰেণীলৈকেহে কৰা হৈছে । তাৰোপৰি,নতুন শিক্ষা নীতিত কোৱা হৈছে যে,মুঠ জি ডি পিৰ ৬ শতাংশ শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰা হ'ব । ভাৰতবৰ্ষৰ দৰে এখন দেশত এই ঘোষণা কিমান দুৰলৈ কাৰ্যকৰী হ'ব সেয়াও ভাৱিবলগীয়া । কিয়নো ১ ৰ পৰা ২ শতাংশহে বৰ্তমানলৈ আবণ্টন দি অহা হৈছে । গতিকে এই নতুন সিদ্ধান্ত যাতে কাগজ কলমতে সীমাবদ্ধ হৈ নাথাকে সেয়াও মন কৰিবলগীয়া বিষয় হ'ব বুলি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে মন্তব্য কৰে ।
নতুন শিক্ষা নীতি সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য - aasu-reaction-on-new-education-policy of govt
নতুন শিক্ষা নীতিক লৈ বিস্তৃত পৰ্যালোচনাৰ প্ৰয়োজন আছে বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷
নতুন শিক্ষা নীতি