গুৱাহাটী,১৯ জুলাই: অসমত খিলঞ্জীয়াৰ নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ বাবে সুনিশ্চিত হ'ব লাগিব । এই দৃষ্টিভংগী সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ । এই দৃষ্টিভংগীৰে বুধবাৰে বিভিন্ন দল-সংগঠনৰ লগতে আছুৱেও নিৰ্বাচন আয়োগৰ ওচৰত নিজৰ ওজৰ-আপত্তি আৰু পৰামৰ্শ আগবঢ়ায় ।
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত আজিৰে পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দলে শুনানি গ্ৰহণ কৰিছে । তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৱে বুধবাৰে কামৰূপ মহানগৰ জিলাকে ধৰি ৯খন জিলাৰ বিভিন্ন দল-সংগঠনৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ।
শুনানিত অংশ গ্ৰহণ কৰাৰ অন্তত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰে । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে নিৰ্বাচন আয়োগৰ ওচৰত আমি আমাৰ দৃষ্টিভংগী কৈছো । এটা মহলে আছুৰ দৃষ্টিভংগীক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লোৱাক আছুৱে আদৰণি জনাইছে । ইয়াত কোনো দ্বিমত নাই । আনহাতে খচৰা সন্দৰ্ভত আছুৰ কথাটো স্পষ্ট যে এয়া ইতিবাচক আৰম্ভণি হৈছে যদিও সংশোধনীৰ প্ৰয়োজন আছে ।
তেওঁ কয় যে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা হোৱাকৈ খচৰাখনৰ সংশোধনীৰ প্ৰয়োজন আছে । এই কথা নিৰ্বাচন আয়োগক কোৱা হৈছে । অসমত খিলঞ্জীয়াৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব । অনুসূচীত জাতি-জনজাতিৰ আসন বৃদ্ধি পাইছে ইতিবাচক কথা । সমষ্টি কৰ্তন কৰাকলৈ ৰাইজৰ অভিযোগৰ বিষয়েও জনোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবেও কোৱা হৈছে ।
সেইদৰে বৰাকৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগিব । ঐতিহাসিক স্থানসমূহৰ নাম একে ৰাখিব লাগিব । তেওঁ কয় যে আমি বাৰম্বাৰ কৈছো সংশোধনৰ প্ৰয়োজন আছে । আনহাতে বিশিষ্ট শিক্ষাবিদ তথা আছুৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাৰ প্ৰসংগত তেওঁ কয় যে বসন্ত ডেকা বৰ্তমান এটা ৰাজনৈতিক দলৰ উপদেষ্টা আৰু সেই দলটোৰ কংগ্ৰেছে মিত্ৰতা আছে । ৰাজনৈতিক ব্যক্তিৰ কথাৰ ক্ষেত্ৰত ক'বলগীয়া নাই বুলি তেওঁ কয় ।