অসম

assam

By

Published : Oct 13, 2022, 4:29 PM IST

Updated : Oct 13, 2022, 5:09 PM IST

ETV Bharat / state

AASU protest in Guwahati : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ

কৰ বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ (AASU protest against tax and price hike) । ৰাজ্যজুৰি আছুৰ বিক্ষোভ প্ৰদৰ্শন । দীঘলীপুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্র সন্থাৰ প্ৰতিবাদ । মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা (Kamrup district AASU protest in Guwahati) ।

AASU
AASU

গুৱাহাটী, ১৩ অক্টোবৰ :সম্পত্তি কৰকে ধৰি অন্যান্য কৰ বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৱে বিক্ষোভ প্ৰদৰ্শন কৰে (AASU protest against tax and price hike) । আছুৰ আহ্বানক্ৰমে ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী মহানগৰীতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্র সন্থাই অসমৰ জনসাধাৰণৰ সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Kamrup district AASU protest in Guwahati) । গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest at Dighalipukhuri bank) ।

প্ৰতিবাদকাৰীসকলে জনসাধাৰণৰ ওপৰত সম্পত্তিৰ কৰকে ধৰি অন্যান্য কৰ জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰে । তেওঁলোকে সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবী জনায় । আনহাতে, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা চৰকাৰখনক প্ৰতিবাদকাৰীসকলে কঠোৰ ভাষাৰে সমালোচনা কৰে । লগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।

ইফালে ৰাজ্য চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাতো দেখা গ'ল আছুৰ প্ৰতিবাদ । বৃহস্পতিবাৰে বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Barpeta AASU protest against price hike)। ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে আছুৰ প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ'লে আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

আনহাতে, উক্ত কাৰ্যসূচীৰ অংশ হিচাবে লখিমপুৰ জিলা ছাত্র সন্থায়ো ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী (AASU Lakhimpur District protest) । লখিমপুৰ জিলা ছাত্র সন্থাই প্ৰতিবাদী সমদল উলিয়াই বিক্ষোভ প্রদর্শন কৰে । লগতে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মিছলীয়া, বিজেপি গ' বেক আদি শ্লোগান দি ছাত্র সন্থাই লখিমপুৰ নগৰ উত্তাল কৰি তোলে (Lakhimpur AASU protest against price hike) ।

লগতে পঢ়ক :AASU protest in Barpeta: মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন

Last Updated : Oct 13, 2022, 5:09 PM IST

ABOUT THE AUTHOR

...view details