অসম

assam

By

Published : Feb 19, 2021, 2:28 PM IST

ETV Bharat / state

মূল্যবৃদ্ধিকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মূল্যবৃদ্ধিকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷

মূল্যবৃদ্ধিকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ
মূল্যবৃদ্ধিকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ

গুৱাহাটী, 19ফেব্ৰুৱাৰী:ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকা মূল্যবৃদ্ধিক লৈ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দীঘলিপুখীৰৰ পাৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

চলিত মাহৰ প্ৰথম ভাগতে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য পাঁচটকাকৈ হ্ৰাস পাইছিল ৷ কিন্তু তাৰ পাছতেই ক্ৰমে প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে পেট্ৰল ডিজেলৰ মূল্য ৷ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা পেট্ৰ’লজাত সামগ্ৰীৰ এনে মূল্যবৃদ্ধিকলৈ শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ ঠাইত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনতিপলমে এনে মূল্যবৃদ্ধি ৰোধ নকৰিলে জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছুৰ ৷

লগতে পঢ়কঃমিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে

ABOUT THE AUTHOR

...view details