গুৱাহাটী, ১ আগষ্ট: নাৰেংগী চন্দ্ৰপুৰ ৩নং ৰাজ্যিক ঘাইপথটোৰ পানীখাইটি ৰে'লগেটত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে বিগত বৰ্ষৰ অক্টোবৰত আধাৰশিলা স্থাপন কৰা হৈছিল (Fly over bridge in Panikhaiti)। উক্ত উৰণীয়া সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে পানীখাইতি ৰে'লগেটত হোৱা যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ হ'ব বুলি ৰাইজে আশা কৰিছিল । পিছে আধাৰশিলা স্থাপনৰ ৮ মাহ অতিক্ৰম কৰাৰ পিছতো উৰণীয়া সেঁতু নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।
AASU protest for fly over construction: আধাৰশিলাতেই থাকিল পানীখাইটি ৰেল গেটৰ উৰণীয়া সেঁতু - Fly over bridge in Panikhaiti
আধাৰশিলাতেই থমকি ৰ’ল পানীখাইটি ৰেল গেটৰ উৰণীয়া সেঁতুৰ নিৰ্মাণ । আধাৰশিলা স্থাপনৰ ৮ মাহ অতিক্ৰম কৰাৰ পিছতো উৰণীয়া সেঁতু নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে । সেইবাবে চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাই উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত পানীখাইটি ৰেলগেটত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী (AASU protest for fly over at Panikhaiti in Guwahati)।
![AASU protest for fly over construction: আধাৰশিলাতেই থাকিল পানীখাইটি ৰেল গেটৰ উৰণীয়া সেঁতু AASU protest for fly over construction](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15984776-786-15984776-1659355099892.jpg)
সোমবাৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাই উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত পানীখাইতি ৰেলগেটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে (AASU protest for fly over at Panikhaiti in Guwahati)। ছাত্র সন্থাৰ কর্মী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ,ফেষ্টুন লৈ বিধায়ক অতুল বৰা হায় হায়,ৰেল বিভাগ হায় হায়, লোকনিৰ্মাণ বিভাগ হায় হায়, আমাক আধাৰশিলা নহয় উৰণীয়া সেঁতু লাগে, উৰণীয়া সেঁতুৰ কাম অতিশীঘ্ৰে নিৰ্মাণ কৰক আদি শ্ল’গানৰে পৰিবেশ উত্তাল কৰে ।
উল্লেখ্য যে মহানগৰীৰ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী ৩নং ৰাজ্যিক ঘাইপথৰ পানীখাইতিৰ দ্বৈত ৰেলৱে লেভেল ক্ৰ'ছিঙত বিগত বৰ্ষৰ অক্টোবৰত স্থানীয় বিধায়ক অতুল বৰাই লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত ৰাজেশ কেম্প্ৰাইৰ উপস্থিতিত উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু আজি পৰ্যন্ত উৰণীয়া সেঁতুৰ কাম ১ শতাংশও আৰম্ভ নকৰাত ৰেল লাইনটোৰে ৰেল পাৰ হোৱা সময়ত যান-জঁটৰ সমস্যাত দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৰাইজে ।
লগতে পঢ়ক:Milk price hike in Guwahati: মহানগৰীত পুনৰ বৃদ্ধি গাখীৰৰ মূল্য