গুৱাহাটী,২৬ মাৰ্চ :বিশুদ্ধ খোৱাপানীৰ নাটনি গুৱাহাটী মহানগৰীৰ অন্যতম প্ৰধান সমস্যা (Pure drinking water problem in Guwahati) । বছৰ বছৰ ধৰি ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । চৰকাৰ সলনি হৈছে যদিও ৰাইজৰ এই সমস্যা সমাধান হোৱা নাই । যাৰ বাবে বিভিন্ন সময়ত গুৱাহাটীৰ ৰাইজ তথা দল-সংগঠনসমূহে খোৱাপানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ।
বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত শনিবাৰৰ দিনটোত মহানগৰীৰ চানমাৰিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই (AASU Protest in Guwahati) । গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আছু নেতা, কৰ্মকৰ্তাৰ লগতে একাংশ স্থানীয় ৰাইজে । ব্যতিক্ৰমী কাৰ্যৰে হাতে হাতে প্লাষ্টিকৰ বাল্টি, মগ আদি লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ ।