গুৱাহাটী,4 জানুৱাৰীঃৰাজ্যত এতিয়াও শাম কটা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ ৷ শুকুৰবাৰে আছুৰ নেতৃত্বত 30 টাকৈ সংগঠনৰ জোঁৰ সমদল ৷ শ্বহীদ ভৱনৰ পৰা দীঘলীপুখুলৈকে জোঁৰ সমদল বাহিৰ কৰিলে প্ৰতিবাদকাৰীসকলে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত স্পষ্ট ৰূপত কয় যে, আইনখন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি যাব ৷ চৰকাৰৰ অপশাসন আৰু দমন মূলক স্থিতিয়ে স্তব্ধ কৰিব নোৱাৰে ‘কা’ বিৰোধী প্ৰতিবাদক ৷
ইয়াৰ উপৰিও গোলাঘাট আৰু অন্যান্য স্থানত গুপ্তহত্যাকাৰী মেলি দিয়াৰ কথা জানিবলৈ দিয়ে আছুৰ উপদেষ্টাগৰাকীয়ে ৷ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ভাষ্য "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে। চৰকাৰে জানে সেই গুপ্ত হত্যাকাৰী কোন আৰু অতি শীঘ্ৰে কৰায়ত্ত কৰক হত্যাকাৰীক।" লগতে অত্যাচাৰে কেতিয়াও আন্দোলনত বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে উপদেষ্টা গৰাকীয়ে ৷ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থী সকলে ‘কা’ বিৰোধী বেজ পৰিধান কৰি পৰীক্ষাত বহা কাৰ্যক প্ৰশংসা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷