গুৱাহাটী, 6 জুন:অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে । মাধ্যম বিতৰ্কক লৈ আছুৱে গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে মঙলবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আছুৱে ৰূপায়ণ কৰে বিশাল গণ সত্যাগ্ৰহ কাৰ্যসূচী । ৰাজ্যৰ বিভিন্ন শিক্ষক সংগঠনৰ লগতে কেইবাটাও জাতীয় দল-সংগঠনে আছুৰ সত্যাগ্ৰহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে (AASU protest against medium controversy)।
ছাত্ৰ-ছাত্ৰীক ইংৰাজী শিকোৱাৰ নামত চৰকাৰে মাতৃ ভাষাত হাত দিছে বুলি উল্লেখ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । হঠাতে ইংৰাজী পঢ়িবলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত ব্যাঘাত জন্মিব বুলি তেওঁ মন্তব্য কৰে । চৰকাৰে মাতৃভাষা বিৰোধী সিদ্ধান্ত সলনি নকৰালৈকে আছুৰ আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ সদৰী কৰে (AASU protest in Guwahati)।
শংকৰজ্যোতি বৰুৱাই কয়, ‘‘ছাত্ৰ সন্থাই বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আহিছে অসম চৰকাৰে মাধ্যমত হাত নিদিবলৈ । অসমীয়া, বড়ো আদি মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষাটো ভালকৈ শিকাওক । যাতে অসমীয়া, বড়োকে ধৰি মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে সলসলীয়াকৈ ইংৰাজী ভাষাটো ক'ব পাৰে, ভালকৈ ইংৰাজী ভাষাটো লিখিব পাৰে ।’’ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি উন্নীত কৰি আধুনিক সা-সুবিধাৰে সজাই পৰাই তুলিবলৈও তেওঁ চৰকাৰক আহ্বান জনায় (AASU protest against medium issue)।
লগতে পঢ়ক:Congress MLA on protest: বিশ্বজিৎ দৈমাৰীৰ চৰকাৰী আবাসৰ সমুখত গছৰ তলত বহি জিৰালে বিধায়ক কমলাক্ষ্যই
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । চৰকাৰে আকোঁৰগোজ মনোভাৱেৰে অসমীয়া, বড়ো আদি মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিছে । এনে পৰিস্থিতিত মাতৃভাষা ৰক্ষাৰ বাবে অহিংস, গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাই বুলি আছুৰ নেতাদ্বয়ে কয় । তেওঁলোকে কয় যে, অসমত অসমীয়া, বড়ো আৰু সকলো জনগোষ্ঠীৰ ভাষা আৰু মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব । আছুৱে আন্দোলনৰ বাবে আন্দোলন নকৰে । মাতৃভাষাত হাত নিদিবলৈ চৰকাৰক তেওঁলোকে সকীয়াই দিয়ে (Medium issue in Assam govt schools)।