অসম

assam

ETV Bharat / state

শ্বহীদ ন্যাসৰ জুহালত জ্বলিল নাগৰিকত্ব সংশোধনী আইন - শ্বহীদ ন্যাসৰ জুহালত জ্বলিল নাগৰিকত্ব সংশোধনী আইন

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মাঘৰ বিহুৰ মেজিত "CAA" দাহ কৰি অসমীয়াক "CAA" বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷

শ্বহীদ ন্যাসৰ জুহালত জ্বলিল নাগৰিকত্ব সংশোধনী আইন
শ্বহীদ ন্যাসৰ জুহালত জ্বলিল নাগৰিকত্ব সংশোধনী আইন

By

Published : Jan 14, 2020, 11:07 PM IST

গুৱাহাটী, 14 জানুৱাৰী: উৰুকাৰ নিশা শ্বহীদ ন্যাসৰ জুহালত জ্বলিল নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। "CAA" বিপক্ষে আছুৰ নিৰৱছিন্ন প্ৰতিবাদৰ পাছতো চৰকাৰে শুনা নাই প্ৰতিবাদী জনতাৰ কণ্ঠ । আছুৰ নেতৃত্বত সৰ্বত্ৰে প্ৰতিবাদ চলি থকাৰ মাজতে মঙলবাৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ লগতে বহু কেইজন লোকৰ উপস্থিতত শ্বহীদ ন্যাসত দাহ কৰা হয় "CAA"

শ্বহীদ ন্যাসৰ জুহালত জ্বলিল নাগৰিকত্ব সংশোধনী আইন

আনহাতে, শ্বহীদ ন্যাসৰ জুহালত নাগৰিকত্ব সংশোধনী আইন দাহ কৰাৰ পাছতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মাঘৰ বিহুৰ মেজিত "CAA"দাহ কৰি অসমীয়াক "CAA" বিৰোধীপ্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি, কবিতা আবৃত্তিৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে ৷

আনহাতে, বিহুৰ উলাহৰ মাজতো যেন জাতীয় জীৱনৰ সংকটজনক অৱস্থাৰ বিৰুদ্ধে সংগ্ৰামখন জীয়াই ৰাখিছে অসমীয়াই। মাঘবিহুৰ উৰুকাৰ নিশা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ উপস্থিতিত ডিব্ৰুগড়ত আছুৱে সংশোধিত নাগৰিকত্ব আইনৰ প্ৰতিলিপি জুইত দাহ কৰে ।

ডিব্ৰুগড়ত জ্বলিল নাগৰিকত্ব সংশোধনী আইন

আৰু পঢ়ক : কলগাছিয়াত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত তলা

For All Latest Updates

ABOUT THE AUTHOR

...view details