কামৰূপ, 24 আগষ্টঃ গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থা । গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন । অসমৰ জনমতক নস্যাৎ কৰি দিল্লী আৰু অসম চৰকাৰৰ তৎপৰতাত গেৰুকামুখ প্ৰকল্পৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ অপচেষ্টা চলাইছে । শুকুৰবাৰে NHPC ৰ CMD বলৰাজ যোশী আৰু শক্তি বিভাগৰ প্ৰধান সচিব নির্জ বৰ্মাৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ পিছতে এতিয়া ৰাজ্যৰ দল-সংগঠনসমূহে বিৰোধিতা কৰে । এই সমগ্ৰ বিষয়ৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, অসমৰ জনগণৰ কথা চিন্তা নকৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ যুক্তি সমূহ নস্যাৎ কৰি অসমৰ সোণোৱাল চৰকাৰখনে ৰাইজক অন্ধকাৰত থৈ এই চুক্তি সম্পাদন কৰিছে। নামনি সোৱণশিৰী জলবিদ্যুৎ সম্পৰ্কে অসমৰ বিশেষজ্ঞ সমিতি আৰু ২৯ টা জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা আধৰুৱা কৰি বৃহৎ নদীবান্ধৰ কাম আগবঢ়োৱাৰ কথা ভাবিছে ।
বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়ঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য - সমুজ্জল কুমাৰ ভট্টাচাৰ্য
গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন । বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সদায় এই কাৰ্যৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷
বৃহৎ নদীবান্ধৰ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়ঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য
লগতে এইখন বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি চৰকাৰৰ গাদী দখল কৰিছিল আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত অন্য এটা স্থিতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে । তাৰোপৰি স্পষ্ট কৰি কয় যে, বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সদায় এই কাৰ্যৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷
Last Updated : Aug 24, 2019, 6:21 PM IST