অসম

assam

ETV Bharat / state

অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা সদৌ অসম ছাত্ৰ সন্থাৰ - কেন্দ্ৰীয় গণ সংগ্ৰাম পৰিষদ

মঙলবাৰে অসম চুক্তিৰ 6 নং দফা ৰাজহুৱা কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷ শ্বহীদ ন্যাসত এক সংবাদমেল যোগে ৰাজহুৱা কৰিলে এই প্ৰতিবেদন ৷ লগতে, নতুন ভূমি নীতিক লৈও সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

AASU PRESS MEET, REACTION ON ASSAM ACCORD 6 CLAUSE
অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা সদৌ অসম ছাত্ৰ সন্থাৰ

By

Published : Aug 11, 2020, 7:50 PM IST

গুৱাহাটী, 11 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে মঙলবাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে প্ৰস্তুত কৰা প্ৰতিবেদন ৰাজহুৱা কৰিলে সদৌ অসম ছাত্ৰ সন্থাই । শ্বহীদ ন্যাসত এক সংবাদমেল যোগে ৰাজহুৱা কৰিলে এই প্ৰতিবেদন ৷ মঙলবাৰৰ আছুৰ সংবাদমেলত সভাপতি দীপাংক নাথকে ধৰি নেতৃবৃন্দৰ উপস্থিতিত ৰাজহুৱা কৰিলে প্ৰতিবেদন ৷

অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা সদৌ অসম ছাত্ৰ সন্থাৰ

উল্লেখ্য যে, বিজেপি চৰকাৰ গঠন হোৱাৰ পিচতে ষষ্ঠ অনুসূচীৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল ৷ প্ৰতিবেদন দাখিল কৰাৰ 5 মাহৰ পিচতো চৰকাৰে প্ৰতিবেদন ৰাজহুৱা নকৰাত ক্ষোভ প্ৰকাশ কৰিছিল আছুৱে । চলিত বৰ্ষৰ 25 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন গ্ৰহণ কৰিছিল । চৰকাৰে প্ৰতিবেদনখন ৰাজহুৱা কৰাত অনিহা দেখুওৱাত আছুৱে মঙলবাৰে সংবাদমেলযোগে ষষ্ঠ অনুসূচীৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে । ইফালে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চৰকাৰে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছুৱে । লগতে, নতুন ভূমি নীতিক লৈও সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা সদৌ অসম ছাত্ৰ সন্থাৰ

উল্লেখযোগ্য যে, 1985 চনৰ 14 আগষ্টৰ মাজনিশা অসম আন্দোলনৰ মুখ্য কৰ্ণধাৰ সদৌ অসম ছাত্ৰ সন্থা, কেন্দ্ৰীয় গণ সংগ্ৰাম পৰিষদ আৰু সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মধ্যস্থতাত স্বাক্ষৰ কৰা হৈছিল ঐতিহাসিক চুক্তি অসম চুক্তি ৷ যিখন চুক্তিৰ 6 নং দফাত অসমীয়া মানুহৰ সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু অসম চুক্তি ৰূপায়ন হোৱাৰ তিনিটা দশকৰ পিচতো বাস্তৱত চুক্তিৰ দফা সফল ৰূপায়ন নোহোৱাক লৈ ৰাজ্যৰ আছুকে ধৰি বিভিন্ন দল সংগঠন তথা সচেতন ৰাইজে সময়ে সময়ে প্ৰতিবাদ অব্যাহত ৰাখি আহিছে ৷

লগতে পঢ়ক : ভাৰতীয় জনতা পাৰ্টীৰ 95 শতাংশ বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভালঃ বিধায়ক ৰণজিৎ দাস

ABOUT THE AUTHOR

...view details