গুৱাহাটী, 08 চেপ্তেম্বৰ :দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হয় ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মজয়ন্তী ৷ বিশ্ববৰণ্য শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত উপস্থিত হয় আছু নেতৃত্ব ৷ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আছু নেতৃত্বই ৷ পূৰ্বৰ চৰকাৰৰ সমূহৰ দৰেই এইখন চৰকাৰেও ভূপেন হাজৰিকাক অৱহেলা কৰা বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা সমজ্জুল কুমাৰ ভট্টাচাৰ্যই ৷ সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজিক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰাৰ লগতে গৱেষণাৰ বাবে স্বীকৃতি দিয়াৰ দাবী জনায় আছুৱে । তাৰোপৰি ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ, ভূপেন দাৰ নামত ৰে'লষ্টেচনৰ নামকৰণ, গাঁৱে ভূঁঞে ভূপেন দাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা ল'বলৈ আহ্বান জনায় আছুৰ উপদেষ্টাগৰাকীয়ে ৷
অৱহেলিত ভূপেন দা, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আছু নেতৃত্বৰ !
জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আছুৰ ৷ সমাধিক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আছু নেতৃত্বই ৷ ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ আহ্বান আছুৰ ৷
অবহেলিত ভূপেন দা, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আছু নেতৃত্বৰ !
ইপিনে, সুধাকণ্ঠক মৰোণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যাবাদ জ্ঞাপন কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷ লগতে তেখেতৰ সৃষ্টিৰাজিক সমগ্ৰ ভাৰতবৰ্ষৰ লোকে যাতে উপলব্ধি কৰিব পাৰে তাৰ বাবে দিল্লীত সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰক আহ্বান জনায় আছুৰ সভাপতিগৰাকীয়ে ৷