অসম

assam

ETV Bharat / state

AASU observed Black Day : কা' বিৰোধী আন্দোলনৰ তিনি বছৰ উপলক্ষে আছুৱে উৰুৱালে ক'লা পতাকা - কা বিৰোধী আন্দোলনৰ তিনি বছৰ

২০১৯ চনৰ আজিৰ দিনটোতে দেশৰ সংসদত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' গৃহীত হৈছিল (Citizenship Amendment Act 2019)। এই দিনটোক ক'লা দিৱস হিচাপে পালন আছু আৰু নেছ'ৰ । গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ আছুৰ ।

CAA
কা' বিৰোধী আন্দোলনৰ ৩ বছৰ

By

Published : Dec 11, 2022, 1:57 PM IST

কা' বিৰোধী আন্দোলনৰ ৩ বছৰ

গুৱাহাটী, ১১ ডিচেম্বৰ :কা' বিৰোধী আন্দোলনৰ তিনিটা বছৰ সম্পূৰ্ণ হ'ল (3 years of CAA protest)। আজিৰ দিনটোতে অৰ্থাৎ ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা দেশৰ সংসদত এই‌ বহু বিতৰ্কিত আইনখন গৃহীত হৈছিল । কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিছিল এই বিতৰ্কিত আইন । ফলস্বৰূপে 'কা' বিৰোধী প্ৰতিবাদে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।

ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছিল (CAA protest in Assam)। ১২ ডিচেম্বৰৰ দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰতিবাদ অব্যাহত আছিল । সিদিনাই সন্ধিয়া মহানগৰীৰ হাতীগাঁৱত ছেম ষ্টেফৰ্ড নামৰ কিশোৰগৰাকীয়ে অতি দুৰ্ভাগ্যজনকভাৱে আৰক্ষীৰ গুলীত মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল । কা' বিৰোধী আন্দোলনত ৰাজ্যৰ ৬ গৰাকী লোক শ্বহীদ হৈছিল ।

আজিও সেই কথা পাহৰিব পৰা নাই ৰাজ্যবাসীয়ে । কা' আইনৰ বিৰোধিতা কৰি বিগত বছৰৰ দৰে এইবাৰো এইদিনটো ৰাজ্যজুৰি আছু আৰু উত্তৰ-পূৱ ছাত্ৰ সংগঠন চমুকৈ নেছ'য়ে ক'লা দিৱস হিচাপে পালন কৰিছে (AASU observed Black day on Dec 11)। আছুৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসতো ক'লা পতাকা উৰুৱাই এই দিৱস পালন কৰা হয় । আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে আছুৱে ।

ইফালে বিশেষ দিনটোতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই পুনৰ কা আন্দোলনৰ হুংকাৰ দিয়ে । গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে সংবাদমাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে কা' আইন জাপি দিছিল । কিন্তু কা' কোনো কাৰণতে মানি লোৱা নহ'ব বুলি তেওঁ উল্লেখ কৰে । ইফালে কা' আইনৰ বিৰোধিতাৰে উত্তৰ-পূৱৰ লগতে মহানগৰীৰ বিভিন্ন স্থানতো দেওবাৰে জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কা'ৰ বিৰোধিতাৰে কেৱল আছু বা নেছ' বুলিয়ে নহয় বিভিন্ন দল-সংগঠনেও ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সংগঠনসমূহে তীব্ৰ আন্দোলন কৰাৰ পাছতো কিন্তু চৰকাৰ একে স্থিতিতে আছে । আনকি কা' আন্দোলনৰ আশ্ৰয় লৈ বহুতে ৰাজনৈতিক পথাৰতো ভৰি দিয়াৰ উদাহৰণ আছে অসমত । অৱশ্যে ভৱিষ্যতে অসম সংগঠনসমূহে কা'ৰ ক্ষেত্ৰত কেনে স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব !

লগতে পঢ়ক :Martyr gate in Dibrugarh : জয়ন্ত শইকীয়াৰ স্মৃতিত শ্বহীদ তোৰণ উন্মোচন

ABOUT THE AUTHOR

...view details