অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সুখী নহয় আছু - নাগৰিকপঞ্জী উন্নীতকৰণৰ আইনী প্ৰক্ৰিয়া

বহু প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পালে অসমীয়া জাতিৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সুখী নহয় আছু

By

Published : Aug 31, 2019, 3:26 PM IST

  • জাতিক সুৰক্ষাকৱচ প্ৰদান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ
  • দাবী আপত্তিৰ দহবিধ নীতিৰ বিৰোধিতা কৰিলে চৰকাৰে
  • চৰকাৰৰ সৈতে থকা ৰাজনৈতিক দলসমূহে নিজৰ দায়িত্ব পালন নকৰিলে
    ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সুখী নহয় আছু
  • চৰকাৰী বিষয়াৰ ৰদ-বদলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিষেধাজ্ঞা নামানিলে চৰকাৰে
  • চৰকাৰে কোৱাৰ দৰেই বিদেশী নাগৰিকৰ চিনাক্তকৰণটো কোনো গুৰুত্ব নিদিলে
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে জাতিলৈ অহা ঐতিহাসিক সুযোগৰ সদব্যৱহাৰ নহ'ল
  • আজি অসমৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন
  • আজিৰ দিনটোত ছবছৰীয়া অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালো
  • বিগত চল্লিছ বছৰেই কোনো চৰকাৰেই অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান নকৰিলে
  • নাগৰিকপঞ্জী উন্নীতকৰণৰ আইনী প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে আগবাঢ়িছিল
  • অসমৰ ৰাইজে অসমৰ ছাত্ৰসন্থাই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিছাৰিছো
  • ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাদ পৰা নাগৰিকৰ সংখ্যাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰি অহা অবৈধ নাগৰিকৰ সংখ্যাৰ কাষ নাচাপিল
  • এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠিল বুলি আমাৰ অনুভৱ হৈছে
  • সেইবাবেই আমি নিৰাময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰাৰ সিদ্ধান্ত লৈছো
  • চৰকাৰী উদ্যোগত অবৈধ বিদেশীৰ বিৰুদ্ধে দাবী আপত্তি কৰাৰ কোনো ব্যৱস্থা নকৰিলে
  • বিগত এটা বছৰত চৰকাৰে এশ মানুহৰ নাম বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰিছে
  • আজি প্ৰকাশ পোৱা এনআৰচিত বাদ পৰা সংখ্যা অন্তৰ্ভুক্ত নোহোৱা বিদেশীৰ সংখ্যাৰ সৈতে অমিল
  • খিলঞ্জীয়াৰ নাম বাদ পৰিলে আছুৱে সহায় কৰিবলৈ সাজু

ABOUT THE AUTHOR

...view details