অসম

assam

25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

By

Published : Sep 9, 2020, 10:42 PM IST

ৰাজ্যত গঠন হ’ব লগা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াটোৱে এক বিশেষ মাত্ৰা লাভ কৰিব ৷ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে ৰাজনৈতিক দল গঠনৰ পূৰ্বে 30 টা সংগঠনৰ নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ অন্তত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু সভাপতি দীপাংক কুমাৰ নাথে ৷ লগতে, বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত ৷

Assam: AASU’s New Political Party to be Launched shortly
25 ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি আছুকে ধৰি 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

গুৱাহাটী, 9 ছেপ্তেম্বৰ :আগন্তুক এসপ্তাহৰ ভিতৰত আছুৰ উদ্যোগত ৰাজ্যত গঠন হ’ব লগা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াটোৱে এক বিশেষ মাত্ৰা লাভ কৰিব ৷ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে ৰাজনৈতিক দল গঠনৰ পূৰ্বে 30 টা সংগঠনৰ নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ অন্তত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু সভাপতি দীপাংক কুমাৰ নাথে ৷

25 ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি আছুকে ধৰি 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

ইফালে, কেন্দ্ৰীয় চৰকাৰে 6 নং দফা কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা হেমাহিৰ প্ৰতিবাদত 25 ছেপ্টেম্বৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থা আৰু 30 টা জনগোষ্ঠীয় সংগঠনে জিলাই জিলাই ৰূপায়ণ কৰিব মানৱ শৃংখল কাৰ্যসূচী ৷ মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেনচিয়েলত বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ আছুৰ লগত অন্যান্য দল সংগঠনৰ ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণক মূল বিষয় হিচাপে লৈ হোটেল প্ৰাগ কণ্টিনেনচিয়েলত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে আছু সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিৰোদ শইকীয়া, সম্পাদক মহেন বৰা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, ট্ৰাইবেল সংঘকে আদি কৰি 30 টা সংগঠনৰ নেতৃত্ব ৷ অসম চুক্তিৰ 6 নং দফা আৰু ৰাজনৈতিক দল গঠন সন্দৰ্ভত মতামত গ্ৰহণৰ ক্ষেত্ৰত মিলিত হোৱা বৈঠকত 6 নং দফাৰ প্ৰতিবেদনক আদৰণি জনায় আছুৰ সহিতে জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই ৷

আনহাতে, অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন শীঘ্ৰে মানি ল'বলৈ কেন্দ্ৰক আহ্বান জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷ 6 নং দফা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানে সন্দেহজনক স্থিতি গ্ৰহণ কৰিছে ৷ আনফালে, EIAৰ যোগেদি চৰকাৰে সম্পদ লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ চলাইছে ৷

25 ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি আছুকে ধৰি 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

উল্লেখ্য যে, বুধবাৰৰ বৈঠকত পূৰ্ণ ৰাজনৈতিক দল গঠনৰ পূৰ্বে পৃথকে সকলো জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনাৰ অন্তত ৰাজনৈতিক দল গঠনৰ সপক্ষে প্ৰস্তাৱ গ্ৰহন কৰে আছুৰ লগতে 30 সংগঠনৰ নেতৃত্বই ৷ আনহাতে, কৃষক মুক্তিৰ লগত হোৱা মিত্ৰতা সন্দৰ্ভত আছু সভাপতি গৰাকীৰ মন্তব্য কৰে যে, আছুৰ দল গঠন হোৱাৰ পিছত ৰাজনৈতিক মঞ্চত এই কথা আলোচনা হ'ব ৷

লগতে পঢ়ক :আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিবঃ শিৱ সেনা

ABOUT THE AUTHOR

...view details