গুৱাহাটী, 18 জানুৱাৰীঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়াও চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ । শনিবাৰে চানমাৰিৰ অভিযান্ত্ৰিক খেল পথাৰত পুনৰ আছুৰ নেতৃত্বত কা বিৰোধী প্ৰতিবাদ। ডবা আৰু উৰুলীৰে চানমাৰিৰ খেল পথাৰত বজ্ৰগৰ্জন আছুৰ।
চানমাৰিত আছুৰ ‘‘বজ্ৰ গৰ্জন’’ - AASU CAA protest
ডবা আৰু উৰুলীৰে চানমাৰি খেল পথাৰত বজ্ৰগৰ্জন আছুৰ ৷ কা, বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আছুৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ লগতে এতিয়া ৰাইজে বিচাৰিছে বিকল্প ৰাজনৈতিক দল ।
‘কা’ বিৰোধী প্ৰতিবাদস্থলীৰ পৰাই সকলোৰে মাথো এটাই আহ্বান আছুৰ নেতৃত্বত জন্ম হওঁক নতুন বিকল্প ৰাজনৈতিক দলৰ। এটা আঞ্চলিক দল যিয়ে অসমৰ সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰি যাব। সকলোৰে মাথো এটাই আশা নতুন ৰাজনৈতিক দল গঠনৰ পিছত অসমলৈ ঘূৰি আহিব সুস্থিৰ পৰিস্থিতি । ইপিনে আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দলৰ কুচকাৱাজ চলি থকাৰ কথা জানিবলৈ দিয়ে আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক শ্ৰীমান্ত ঠাকুৰীয়াই ৷
উল্লেখ্য যে, সকলোৰে আশা অসমৰ ৰাইজৰ আশীৰ্বাদ লৈয়ে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ যুঁজত বিজেপি,কংগ্ৰেছ আৰু আঞ্চলিক দল অগপৰ মূল প্ৰতিদ্বন্দী হৈ থিয় দিব আছুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোৱে। এতিয়া সময়েহে ক’ব অসমত গঠন হ’ব লগা নতুন ৰাজনৈতিক দলৰ স্থিতি কি হ’ব আৰু অসমৰ ৰাইজৰ মন জয় কৰাৰ বাবে কি ৰণনীতি তৈয়াৰ কৰিব এই নতুন ৰাজনৈতিক দলটোৱে ৷