অসম

assam

চানমাৰী খেলপথাৰত আছুৰ কেব বিৰোধী গণ অনশন

By

Published : Dec 13, 2019, 2:10 PM IST

Updated : Dec 13, 2019, 2:28 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷ বিধেয়কখন কোনোপধ্যেই মানি নোলোবাৰ দাবীত অটল আছে বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতা ৷

aasu hunger strike against cab in guwahati
ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প সদৌ অসম ছাত্ৰ সন্থাৰ

গুৱাহাটী,13 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চান্দমাৰী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিশাল গণ অনশন ৷ বুধবাৰে ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাধ কোবিন্দে বৃহস্পতিবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনত স্বাক্ষৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ক আইনত পৰিণত কৰিলে ৷ বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷ বিধেয়কখন কোনোপধ্যেই মানি নোলোবাৰ দাবীত অটল আছে বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতা ৷

ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প সদৌ অসম ছাত্ৰ সন্থাৰ
বিধেয়কখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প সদৌ অসম ছাত্ৰ সন্থাৰ ৷ বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চানমাৰী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে বিশাল গণ অনশন কাৰ্যসূচী ৷ গণ অনশন কাৰ্যসূচীত সাধাৰণ ৰাইজৰ লগতে অংশগ্ৰহণ কৰিলে শিল্পী, সাহিত্যক আৰু ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে ৷ বিজেপি চৰকাৰ আৰু কেব বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে অনশন কাৰ্সূচীত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰী সকলে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে,ৰাষ্ট্ৰপতিয়ে সংবিধান বিৰোধী আইনত স্বাক্ষৰ কৰাটো মানি ল'ব নোৱাৰি ৷ বিধেয়কখনৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ লগতে আইনী যুজঁখনো চলাই যাব সংগঠনটোৱে ৷
ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প সদৌ অসম ছাত্ৰ সন্থাৰ
অসমীয়া ছবি জগতৰ লগত জড়িত কেইবাগৰাকীও শিল্পীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া ৰাইজৰ বিৰুদ্ধে গৈ বিজেপি চৰকাৰে আইনত পৰিণতি কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে ৷ শিল্পী সমাজে এই আইন কেতিয়াও মানি নলয় বুলিও মন্তব্য কৰে শিল্পী সকলে ৷ চৰকাৰে জোৰকৈ জাপি দিলে অসমীয়াই এইখন আইন কেতিয়াও গ্ৰহণ নকৰে ৷ বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত অসমীয়াক বিভাজন কৰিব নোৱাৰে বুলিও মন্তব্য কৰে শিল্পীসকলে ৷ বিজেপিয়ে অসমলৈ বাংলাদেশী আনিব বিচাৰিছে আৰু এদিন এই বাংলাদেশীয়ে অসমৰ ৰাজনৈতিক অধিকাৰ নিজৰ হাতলৈ আনিব বুলি মন্তব্য কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে অভিনেত্ৰী নিশিতা গিস্বামীয়ে ৷
ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প সদৌ অসম ছাত্ৰ সন্থাৰ
আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু বিজেপি চৰকাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী অইন বাতিল নকৰালৈকে অসমত গণতান্ত্ৰিক আন্দোলন চলি যাব বুলিও মন্তব্য কৰে ৷
Last Updated : Dec 13, 2019, 2:28 PM IST

ABOUT THE AUTHOR

...view details