গুৱাহাটী, 20 মার্চ:সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গুৱাহাটীকে ধৰি সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ শিক্ষাবিদৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ‘ছেবা বচাওঁ আহক, ৰাজ্যিক বৰ্ড বচাওঁ আহক' শীর্ষক এক শৈক্ষিক সভা অনুষ্ঠিত হয় ৷ এই সভাত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত (HSLC question paper leak) ৷
ছেবাই শেহতীয়াকৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, প্ৰশ্নকাকতৰ কেলেংকাৰী, পৰীক্ষা বাতিলৰ ঘটনাই ছাত্ৰ-ছাত্ৰীসকলক এক অনিশ্চয়তাৰ সন্মুখলৈ ঠেলি দিছে ৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কৰা চূড়ান্ত অন্যায় তথা ছেবা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অর্থাৎ ৰাজ্যিক বৰ্ডক নিঃশেষ কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে পৰিকল্পনা কৰা বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই (HSLC exam paper leak) ৷
শৈক্ষিক সভাত লোৱা সিদ্ধান্তবোৰ হৈছে, স্বতন্ত্ৰ শৈক্ষিক সিদ্ধান্ত ল’বৰ বাবে ৰাজ্যিক বৰ্ডসমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰাখিব লাগিব , ৰাজ্যিক বৰ্ডৰ অধ্যক্ষগৰাকী এগৰাকী শিক্ষাবিদ হ’ব লাগিব, অধ্যক্ষজন এজন গুণী জ্ঞানী ব্যক্তি হ’ব লাগিব, অধ্যক্ষগৰাকীৰ এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবেহে হ’ব লাগিব ৷ লগতে অধ্যক্ষগৰাকীৰ কাৰ্যকাল সৰ্বাধিক 3 বছৰ হ’ব লাগিব, সন্ধান সমিতি গঠন কৰি বিশিষ্ট শিক্ষাবিদক সন্ধান সমিতিৰ বাচনিত নিযুক্তি দিব লাগিব (AASU meeting in Guwahati) ৷