অসম

assam

ETV Bharat / state

শুৱালকুছি শিপিনীৰ সাহাৰ্যৰ বাবে 100 কোটি টকাৰ আৰ্থিক পেকেজৰ দাবী আছুৰ - হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক কবিতা ডেকা

শুৱালকুছিৰ শিপিনীলৈ সাহাৰ্যৰ দাবীত অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ৷ চাৰিটা প্ৰধান দাবীক লৈ গুৱাহাটী আমবাৰী হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান আছুৰ ।

AASU has been issued a memorandum to the state government seeking the help of Sualkuchi xipini
AASU has been issued a memorandum to the state government seeking the help of Sualkuchi xipini

By

Published : Jun 9, 2020, 6:49 PM IST

গুৱাহাটী, 9 জুনঃ বিশ্বত্ৰাস কৰ'ণা ভাইৰাছৰ বাবে ঘোষিত লক ডাউনে জুৰুলা কৰা শুৱালকুছিৰ শিপিনীলৈ সাহাৰ্যৰ দাবীত অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ৷ গুৱাহাটী আমবাৰী হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান দলটোৰ। এই স্মাৰক পত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে কামৰূপ জিলা আছু সভাপতি দিবাকৰ কলিতা আৰু সাধৰণ সম্পাদক হেমন্ত দাস আৰু সদৌ অসম ছাত্ৰ সন্থা সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস ৷

100 কোটি টকাৰ আৰ্থিক পেকেজৰ দাবী আছুৰ

হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক কবিতা ডেকাৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তলৈ প্ৰদান কৰিছে এই বিশেষ দাবী পত্ৰ ৷

ৰাজ্য চৰকাৰক শুৱালকুছি শিপিনীলৈ 100 কোটি টকাৰ আৰ্থিক পেকেজৰ দাবী আছুৰ এই স্মাৰক পত্ৰখনত । লগতে উত্তৰ পূৰ্বৰ মেনচেষ্টাৰ তথা সোণালী সূতাৰ গাঁও হিচাপে খ্যাত শুৱালকুছিৰ উপৰিও হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বংশৰ,হালোগাঁও,বামুন্দী,সোৱনচাহ,ৰামদিয়া,বঙালপাৰা,বৰচলি,টোক্ৰাদিয়া,হাৰদিয়া আদি অঞ্চলৰ লগতে কামৰূপ জিলাৰ বিভিন্ন গাঁৱৰ কাপোৰৰ সৈতে জড়িত শিপিনী সকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনাইছে আছুৱে ৷

দাবী সমূহ ক্ৰমে হৈছে- লক ডাউনে জুৰুলা কৰা উত্তৰ পূৰ্বৰ গৌৰৱ শুৱালকুছিৰ বস্ত্ৰ শিল্পক পুনৰ উজ্জীৱিত কৰাৰ বাবে 100 কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰা,ৰাজ্য চৰকাৰে বিভাগীয় ভাবে কামৰূপ জিলাৰ শিপিনীয়ে উৎপাদন কৰা কাপোৰ উচিত মূল্যত ক্ৰয় কৰা,শিপিনী সকলক 50 শতাংশ ৰাজসাহাৰ্য যুক্ত ঋণ প্ৰদান কৰা,শুৱালকুছিক হেণ্ডলোম ক্লাষ্টাৰ হিচাপে ঘোষণা কৰাৰ লগতে শিপিনী সকলৰ প্ৰয়োজনীয় কেছা মাল সুলভ মূল্যত যোগান ধৰা।

এই দাবী সমূহৰ কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে সদৌ অসম ছাত্ৰ সন্থা সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে ৷

উল্লেখ্য যে, আছুৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি হস্ততাত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক কবিতা ডেকাই শীঘ্ৰেই শিপিনী সকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাৰ লগতে বিভাগীয় মন্ত্ৰীক এই বিষয়ে অৱগত কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে চাওকঃ উচ্চ শিক্ষাৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিব নেকি স্নেহা চক্ৰৱৰ্তীৰ বাবে !

ABOUT THE AUTHOR

...view details