অসম

assam

ETV Bharat / state

কাৰাগাৰত পাখি মিঞাৰ চিকিৎসা কৰাব পাৰে, অখিলৰ নোৱাৰে কিয়ঃ লুৰিণজ্যোতি গগৈ

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ চৰকাৰলৈ প্ৰশ্ন ৷ কৃষক নেতা অখিল গগৈৰ পক্ষত থিয় হৈ তেওঁৰ স্বাৱ পৰীক্ষা সন্দৰ্ভত পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি কৰা ঘোষণা কৰাৰ আঁৰত গভীৰ ৰহস্য লুকাই আছে বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ৷

অখিল গগৈ সন্দৰ্ভত চৰকাৰলৈ প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ
অখিল গগৈ সন্দৰ্ভত চৰকাৰলৈ প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ

By

Published : Jul 10, 2020, 9:31 PM IST

গুৱাহাটী, 10 জুলাই : কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ স্বাৱ পৰীক্ষাৰ ফলাফলক লৈ বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সময়তে কৃষক নেতাজনৰ পক্ষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘অখিল গগৈৰ স্বাৱ পৰীক্ষাৰ বাবে দিল্লীলৈ পঠিয়াবলগীয়া হ'ল কিয়? তাৰমানে অসমত নিতৌ যিসকল লোকৰ স্বাৱ পৰীক্ষা কৰি থকা হৈছে সেয়া বিশ্বাসযোগ্য নহয় নেকি?' আনহাতে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে অখিল গগৈৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি কৰা ঘোষণা কৰাৰ আঁৰত গভীৰ ৰহস্য লুকাই আছে বুলিও মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

লুৰিণজ্যোতি গগৈ

তেওঁ কয় যে, ‘চৰকাৰে কাৰাগাৰত থকা পাখি মিঞাৰ উন্নত চিকিৎসা কৰাব পাৰে কিন্তু অখিল গগৈৰ কৰাব নোৱাৰে কিয়? এয়া কেনেধৰণৰ কথা?’ আনহাতে, যিসময়ত ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এই জটিল সময়ত বিশ্বত কাৰাৰুদ্ধ হৈ থকা সকলোকে মুক্তি দিয়াৰ কথা কৈছে সেই সময়ত অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সৈতে জড়িত নেতা-কৰ্মীসকলক চৰকাৰে বন্দী কৰি ৰখাৰ কাৰণ কি? এই প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ ৷ ইয়াৰোপৰি, আছু নেতাজনে চৰকাৰে কৰ’ণাৰ নামত নাটক কৰি আছে বুলি পুনৰবাৰ মন্তব্য প্ৰদান কৰে । লগতে অতিশীঘ্ৰেই সকলো কাৰাবন্দীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

অখিল গগৈক সমৰ্থন লুৰিণজ্যোতি গগৈৰ

লগতে পঢ়ক : সেউজী ধৰণী গঢ়াৰ সপোনত বিভোৰ নলবাৰীৰ নেলচন মেণ্ডেলা

ABOUT THE AUTHOR

...view details