গুৱাহাটী,28 ফেব্ৰুৱাৰীঃগুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় শুকুৰবাৰে । এই সভাত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ বাবে ন ন কৌশল প্ৰস্তুত কৰা সম্বন্ধীয় বিষয় আগত ৰাখি আলোচনা কৰা হয়। সভাত উপস্থিত থাকে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংকৰ নাথ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা মহকুমাৰ প্ৰতিনিধি সকল। বৃহস্পতি বাৰে আছুৰ কাৰ্য নিৰ্বাহক সভা হৈ যোৱাৰ পিছত আজি অনুষ্ঠিত হয় প্ৰতিনিধি সভা ।
কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম - CAA ASSAM LATEST NEWS
ন ন কৌশলেৰে ধাৰাবাহিক ভাৱে 'কা' বাতিল নোহোৱাৰ পর্যন্ত সংগ্ৰাম চলাই নিয়াৰ ঘোষণা। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জনগোষ্ঠীয় সংগঠন আৰু অসমৰ আন্দোলনৰ লগত জড়িত সকলো দল সংগঠন আৰু শিল্পী সমাজৰ লগত এক গোট হৈ সমন্বয় ৰক্ষা কৰি বাতিলৰ বাবে আছুৱে চলাই নিব সংগ্ৰাম ৷
![কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6236469-thumbnail-3x2-aasu.jpg)
কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম
কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম