অসম

assam

ETV Bharat / state

চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত আছুৰ বৃক্ষ ৰোপণ - সদৌ অসম ছাত্ৰ সন্থা

শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি অনুষ্ঠিত কৰে " প্ৰকৃতিৰ বাবে সময়" কাৰ্যসূচী । অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তপন কলিতাৰ উপৰিও উপস্থিত থাকে আছুৰ বহু কেইগৰাকী সদস্য ।

বৃক্ষ ৰোপন কাৰ্যসূচী
চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত আছুৰ বৃক্ষ ৰোপন কাৰ্যসূচী

By

Published : Jun 5, 2020, 4:21 PM IST

গুৱাহাটী, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ বৃক্ষ ৰোপণ কাৰ্যসূচী । "প্ৰকৃতিৰ বাবে সময়" সূচক কাৰ্যসূচীৰে চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰৰ চৌহদত ৰোপণ কৰে গছপুলি। সেউজ গুৱাহাটী কৰাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাই এনেদৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস।

চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত আছুৰ বৃক্ষ ৰোপন কাৰ্যসূচী

আনহাতে, এই বৃক্ষ ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তপন কলিতা,শ্ৰীমান্ত ঠাকুৰীয়াকে ধৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সদস্যসকল। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শ্ৰীমান্ত ঠাকুৰীয়াই জানিবলৈ দিয়া অনুসৰি,সেউজ গুৱাহাটী পৰিলকল্পনা কৰি গছপুলি ৰোপণ কৰি যোৱাৰ লগতে শিক্ষানুষ্ঠান সমূহত একো জোপাকৈ ফলমূলৰ গছ ৰোপণ কৰাৰ এক পদক্ষেপ হাতত লৈছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে বৃক্ষ ৰোপণ কাৰ্যসূচীত প্লাষ্টিক বৰ্জন কৰক,গছ নাকাটিব কে ধৰি হাতত বিভিন্ন প্লে-কাৰ্ড লৈ প্ৰদর্শন কৰে সদৌ অসম ছাত্ৰ সন্থাই।

চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত আছুৰ বৃক্ষ ৰোপণ কাৰ্যসূচী

লগতে চাওকঃ এসময়ৰ জনপ্ৰিয় "W দা" আজি ৰোগশয্যাত...

ABOUT THE AUTHOR

...view details