অসম

assam

By

Published : Nov 15, 2019, 9:46 PM IST

ETV Bharat / state

কেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে উত্তৰ-পূৰ্ৱাঞ্চল

চৰকাৰে সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই অসাংবিধানিক, অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ মানুহৰ ওপৰত জাপি দিয়া কাৰ্যক কোনো কালেই গ্ৰহণ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

কেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে উত্তৰ-পূৰ্ৱাঞ্চল

গুৱাহাটী, 15 নৱেম্বৰঃকেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে ৰাজ্যৰ লগতে উত্তৰ-পূৰ্ৱাঞ্চল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে বদ্ধ-পৰিকৰ শাসকীয় গেৰুৱা দল ৷ দল-সংগঠন তথা ৰাইজৰ সবল প্ৰতিবাদৰ পিছতো কেবৰ ক্ষেত্ৰত হেৰ-ফেৰ কৰা নাই শাসকীয় দলটোৱে ৷ শীতকালীন অধিৱেশনত কেব উত্থাপন হ'ব বুলি ইতিমধ্যেই বিজেপিয়ে স্পষ্ট কৰি দিছে ৷

কেবৰ বিৰোধিতা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

উল্লেখ্য যে, চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে উত্তৰ-পূৰ্ৱাঞ্চলৰ সন্মিলিত সংগঠনৰ যৌথ মঞ্চ নেছ’ ৷ 18 নৱেম্বৰ তাৰিখে উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ ৰাজভৱনৰ সমীপত কেব বিৰোধী প্ৰতিবাদেৰে উত্তাল কৰিব নেছ’ই ৷ ইটিভি ভাৰতৰ আগত এই কথা সদৰী কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ চৰকাৰে সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই অসাংবিধানিক, অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ মানুহৰ ওপৰত জাপি দিয়া কাৰ্যক কোনো কালেই গ্ৰহণ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

তাৰোপৰি কেৱল ভোটৰ স্বাৰ্থত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশীক নাগৰিকত্ব দিয়াৰ যোজা চলাই আছে বুলি কৈ দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ লগতে শাসকীয় দলটোক অসম বিৰোধী কাৰ্যকলাপ বন্ধ কৰিবলৈও সকিয়নী প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details