গুৱাহাটী,১৪ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আনন্দ উৎসাহ কৰি থকাৰ মাজতে আছু আৰু নেছ'ই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ ৰূপায়ণ কৰে। লতাশিল খেল পথাৰত বিধেয়কৰ বিৰোধিতা কৰি হোৱা আহত তথা অসমৰ ৮৫৫ জন শ্বহীদক সোঁৱৰি বন্তি প্ৰজ্বলন কৰে । বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে আছু , নেছ আৰু ৩০টা জাতীয় সংগঠনৰ মুৰব্বীসকল।
শ্বহীদক সুঁৱৰি আছু আৰু নেছ'ৰ বন্তি প্ৰজ্বলন
৮৫৫গৰাকী শ্বহীদক সোঁৱৰাৰ লগতে বিতৰ্কিত বিধেয়ক বিৰোধী আন্দোলনত আহত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ আৰোগ্য কামনা কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়
শ্বহীদক সোঁৱৰি আছু আৰু নেছ'ৰ বন্তি প্ৰজ্বলন
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিনিচুকীয়া সদৰ থানা চাৰিআলিত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই অসম আন্দোলনৰ শ্বহীদ সকলক সোঁৱৰি এক বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। ৮৫৫গৰাকী শ্বহীদক সোঁৱৰাৰ লগতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত আহত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ আৰোগ্য কামনা কৰি এই কাৰ্যসূচী হাতত লোৱা হয়।