অসম

assam

ETV Bharat / state

AASU: চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰব আছু

অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া । চৰকাৰৰ হঠকাৰী আকোৰগোঁজ স্থিতি পৰিহাৰৰ দাবীত চলিত মাহৰ ২৮ তাৰিখৰ পৰা এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাই (AASU against Assam govts anti-mother tongue decision) ।

By

Published : May 26, 2023, 10:01 PM IST

AASU against Assam govts anti-mother tongue decision
চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰব আছু

চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰব আছু

গুৱাহাটী,২৬ মে': অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ এনে হঠকাৰী, আকোৰগোঁজ স্থিতি পৰিহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই অহা ২৮ মে'ৰ পৰা সমগ্ৰ অসমত এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব (AASU agitation against Assam govt announced) । ছাত্ৰ সন্থাই এই বিষয়টোত অসম চৰকাৰক দীর্ঘদিন ধৰি আহ্বান আৰু দাবী জনাই আহিছে (AASU against Assam govts anti-mother tongue decision) ।

কিন্তু চৰকাৰে আকোঁৰগোজ মনোভাৱেৰে অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিছে । এনে পৰিস্থিতিত মাতৃভাষা ৰক্ষাৰ বাবে অহিংস, গণতান্ত্রিক আন্দোলনৰ বিকল্প নাই বুলি শুক্ৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য আগবঢ়াই ।

তেওঁ কয় যে অসমত অসমীয়া, বড়ো আৰু সকলো জনগোষ্ঠীৰ ভাষা আৰু মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব । সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আছুৱে আন্দোলনৰ বাবে আন্দোলন নকৰে । চৰকাৰে আকোৰগোঁজ ভূমিকা গ্ৰহণ কৰি থকাৰ বাবে আছুৰ হাতত বিকল্প নাই ।

অসমীয়া, বড়ো আৰু সকলো জনগোষ্ঠীৰ মাধ্যম সুৰক্ষিত হ'ব লাগিব । বি জে পিয়ে এই বিষয়টো এৰাই চলিছে । আন্দোলন কৰাৰ বাদে আন কোনো বিকল্প নাই বুলি উল্লেখ কৰি মাতৃভাষাত মুখ্যমন্ত্ৰীক হাত নিদিবলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সকীয়াই দিয়ে । আছুৰ সভাপতি উৎপল শৰ্মাইয়ো এই সন্দৰ্ভত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইংৰাজী মাধ্যমৰ পাঠ্যপুথি ছপা কৰিছে । অসম চৰকাৰে প্ৰথমে তৃতীয় শ্রেণীৰ পৰা আৰু এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্ত অদূৰদৰ্শী আৰু অবিজ্ঞানসন্মত ।

এই সিদ্ধান্তই অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব । অসম চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ (National Education Policy) পৰিপন্থী বুলি উল্লেখ কৰি উৎপল শৰ্মাই কয় যে অসমত অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম, বড়ো ভাষা আৰু বড়ো মাধ্যম তথা জনগোষ্ঠীয় ভাষা আৰু জনগোষ্ঠীয় মাধ্যমৰ উত্তৰণৰ এটা পটভূমি আছে ।

১৯৬০ চনত ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলন অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম ৰক্ষাৰ মাইলৰ খুঁটি । দুয়োটা আন্দোলনতে অসমীয়া মানুহ শ্বহীদ হৈছিল । অনুৰূপভাৱে বড়ো ভাষা আৰু বড়ো মাধ্যম ৰক্ষাৰ্থেও আন্দোলন কৰা হৈছিল । বড়ো জনগোষ্ঠীৰ জনসাধাৰণো শ্বহীদ হৈছিল বুলি উল্লেখ কৰে শৰ্মাই ।

আন আন জনগোষ্ঠীয় ভাষা আৰু মাধ্যমৰ উত্তৰণৰ একোটা সংগ্রামী ইতিহাস আছে । অসম চৰকাৰে এই পটভূমি আৰু ইতিহাসক অশ্রদ্ধা কৰিলে নচলিব বুলি উল্লেখ কৰি শৰ্মাই কয় যে, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মাতৃভাষা আৰু মাতৃভাষা মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মুকলি আহ্বান জনাই আহিছে । আনকি মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্রমো মাতৃভাষাত প্ৰৱর্তনৰ পোষকতা কৰিছে । ঠায়ে ঠায়ে এনে পাঠ্যক্রম উন্মোচন কৰিছে ।

শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে স্নাতকোত্তৰ স্তৰলৈ মাতৃভাষাত অধ্যয়ন আৰু মাতৃভাষাত পৰীক্ষা দিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ ভাৰতবৰ্ষৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচার্যলৈ লিখিতভাৱে আহ্বান জনাইছে । তাৰ বিপৰীতে অসম চৰকাৰে ষষ্ঠ শ্রেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্ত পৰস্পৰ বিৰোধী বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে ।

অসম চৰকাৰে সমান্তৰালভাৱে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ বহু বিদ্যালয় কেন্দ্রীয় বৰ্ডৰ অধীনত ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিবলৈ জাননী জাৰি কৰিছে । অসমত মাতৃভাষা মাধ্যম আৰু ৰাজ্যিক বোর্ডক নিঃশেষ কৰাৰ ই অন্য এক ষড়যন্ত্র বুলিও উল্লেখ কৰে শৰ্মাই ।

এই সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে ছাত্ৰ সন্থাই বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আহিছে যে অসম চৰকাৰে মাধ্যমত হাত নিদিব । অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী ভাষাটো ভালকৈ শিকাওক । যাতে অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমত শিক্ষাগ্রহণ কৰি থকা ছাত্র-ছাত্রী সকলে সলসলীয়াকৈ ইংৰাজী ভাষাটো ক'ব পাৰে, ভালকৈ ইংৰাজী ভাষাটো লিখিব পাৰে ।

মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি উন্নীত কৰি আধুনিক সা-সুবিধাৰে সজাই পৰাই তোলাৰ আহ্বান জনাই শংকৰজ্যোতি বৰুৱাই আন্দোলনৰ কাৰ্যসূচীৰ সদৰি কৰি কয় যে, ৩১ মেত প্ৰতিখন আঞ্চলিকত ১০ ঘণ্টীয়া অনশন । প্রতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব ।

৬ জুনত গুৱাহাটীত গণ সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ২৪ জুনত চাইকেল শোভাযাত্রা, ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা আদি অনুষ্ঠিত হ'ব । তেওঁ কয় যে গণতান্ত্ৰিক আন্দোলনত বাধা প্ৰদান কৰাৰ বাবে ১৪৪ ধাৰা চৰকাৰে জাপি দিছে । চৰকাৰৰ এই দমন কৰাৰ মানসিকতাৰ বিৰুদ্ধে আছুয়ে এমাহজোৰা আন্দোলন কৰিব বুলি উল্লেখ কৰে শংকৰজ্য়োতি বৰুৱাই ।

লগতে পঢ়ক:Story of Football Player: ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নামৰূপৰ চিৰঞ্জীত গগৈ

For All Latest Updates

ABOUT THE AUTHOR

...view details