গুৱাহাটী,11 এপ্ৰিলঃদেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি জাৰি কৰা লক ডাউনৰ সিদ্ধান্তক আদৰণি আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বহু সুৰুঙা ওলাই পৰিছে যদিও সেই সুৰুঙা এই সময়ত উত্থাপন কৰাৰ সময় নহয় বুলি জানিবলৈ দিয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । এই সময়ত অসমত কৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে মাত্ৰ 5 টা কেন্দ্ৰ আছে ৷ গতিকে অধিক পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ বাবে অ’এনজিচি,অইল আৰু শোধনাগাৰৰ পৰা সাহায্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় আছুৰ উপদেষ্টা গৰাকীয়ে ৷
ৰাজ্যবাসীলৈ পৰামৰ্শ আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ - ৰাজ্যবাসীলৈ পৰামৰ্শ আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ
বিশ্বৰ বৰ্তমান পৰিস্থিতিত সমগ্ৰ দেশ লক ডাউনৰ সিদ্ধান্তক সমৰ্থন আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ । সমান্তৰালকৈ ৰাজ্যবাসীক সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান আছুৰ উপদেষ্টা গৰাকীৰ ৷
![ৰাজ্যবাসীলৈ পৰামৰ্শ আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ AASU advisor request to public](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6755264-thumbnail-3x2-a.jpg)
আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য
ৰাজ্যবাসীলৈ পৰামৰ্শ আছু উপদেষ্টাৰ
আনহাতে,সদৌ অসম ছাত্ৰ সন্থাই ইতিবাচক দৃষ্টিভংগীৰে কৰা কামৰ লগতে এইসময়ত প্ৰশাসনৰ নিয়ম মানি,সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাইজক সহায় কৰিবলৈ সদস্যসকলক আহ্বান জনায় ভট্টাচাৰ্যই ৷ একাংশ লোকে ছাত্ৰ সন্থাৰ বিৰুদ্ধে বৰ্তমানে অপপ্ৰচাৰ চলাই আছে । গতিকে এই অপপ্ৰচাৰ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷
লগতে চাওকঃমানসিক স্বাস্থ্য সম্বন্ধীয় যিকোনো সহায়ৰ বাবে মুকলি ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ
Last Updated : Apr 11, 2020, 10:04 PM IST