গুৱাহাটী, ৯ মাৰ্চ: সংখ্যাত দুখন হ’লেও প্ৰথমবাৰৰ বাবে পৌৰসভাৰ যোগেদি অসমৰ ৰাজনীতিৰ পথাৰত খোজ পেলালে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী চমুকৈ আপে (AAP won in Assam municipal election)। দেশৰ জনতাই বিকল্প ৰাজনীতিৰ কথা ক’বলৈ আৰম্ভ কৰাৰ সময়তে বহুতেই দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ আৰ্হিৰ কথা মুকলিকৈ চৰ্চা কৰিছে । দিল্লীত দুবাৰকৈ চৰকাৰ গঠনৰ পিছতে এইবাৰ পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আপে ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইতিমধ্যে আপে পঞ্জাৱত চৰকাৰ গঠন কৰিব বুলি এক্সিট প'লত প্ৰকাশ কৰিছে । ইয়াৰ মাজতে বুধবাৰে ঘোষণা কৰা অসমৰ পৌৰ নিৰ্বাচনৰ ফলাফলতো দেখা গ’ল আপক (Aam Aadmi Party in Assam)। প্ৰথমবাৰৰ বাবে অসমত আপৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল । তিনিচুকীয়া আৰু লখিমপুৰ পৌৰসভাত এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে আপে । যাৰ বাবে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে টুইটাৰৰ জৰিয়তে এই দুইগৰাকী বিজয়ী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছে (Arvind Kejriwal tweets on Assam municipal election)।