অসম

assam

ETV Bharat / state

AAP slams GMC mayor: মেয়ৰ মৃগেন শৰণীয়াৰ এবছৰীয়া কাৰ্যকালক 'ব্যর্থতাৰ এবছৰ' আখ্যা আপৰ - ব্যর্থতাৰ এবছৰ

মেয়ৰ মৃগেন শৰণীয়াক থকা সৰকা আপৰ ৷ পৌৰ নিগমৰ এবছৰীয়া কাৰ্যকালক 'ব্যর্থতাৰ এবছৰ' আখ্যা দিছে আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই (AAP slams mayor Mrigen Sarania)।

AAP slams mayor Mrigen Sarania in Guwahati
মেয়ৰ মৃগেন শৰণীয়াৰ এবছৰীয়া কাৰ্যকালক 'ব্যর্থতাৰ এবছৰ' আখ্যা আপৰ

By

Published : May 2, 2023, 10:33 PM IST

মেয়ৰ মৃগেন শৰণীয়াৰ এবছৰীয়া কাৰ্যকালক 'ব্যর্থতাৰ এবছৰ' আখ্যা আপৰ

গুৱাহাটী, 2 মে’: মেয়ৰ মৃগেন শৰণীয়া নেতৃত্বাধীন বিজেপিৰ গুৱাহাটী পৌৰ নিগমৰ এবছৰীয়া কাৰ্যকালক 'ব্যর্থতাৰ এবছৰ' আখ্যা দিছে আম আদমি পাৰ্টী, অসমে (AAP slams mayor Mrigen Sarania)। মঙলবাৰে গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় (AAP state VP Jitul Deka) যে, কৰ সংগ্ৰহতেই ব্যস্ত থকা মেয়ৰ মৃগেন শৰণীয়াই যোৱা এবছৰীয়া কাৰ্যকালত গুৱাহাটীবাসীক দিয়া প্রতিশ্রুতিসমূহ পালন কৰিব পৰা নাই ৷ তেওঁ গুৱাহাটীবাসীৰ আশা-আকাংক্ষা, অভাৱ, সমস্যা সমাধান কৰিব নোৱাৰা বাবে ক্ষমা খুজিব লাগে ।

গুৱাহাটীবাসীৰ প্ৰধান খোৱা পানীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে মেয়ৰ শৰণীয়া । জি এছ ৰোডৰ বাহিৰে গুৱাহাটীৰ প্ৰায় সকলোবোৰ ৰাস্তা খান্দি দিয়া হৈছে । যাৰ ফলত যাতায়তৰ বাবে গুৱাহাটীৰ বাসিন্দা সকলে সমস্যাত ভুগিছে । সম্পত্তি কৰৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে প্ৰতাৰণা কৰিছে (AAP Press meet in Guwahati)।

তেওঁ লগতে কয় যে, শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ পৰা সম্পত্তি কৰ সংগ্ৰহ কৰিছিল । সম্পত্তি কৰ লোৱাৰ পিছত এই পৰিয়ালসমূহৰ ঘৰ ভাঙি দিয়া হ’ল । অবৈধ বেদখলকাৰী বুলি ঘৰ ভাঙি দিয়া পৰিয়ালসমূহৰ পৰা কৰ কিয় সংগ্ৰহ কৰিছিল ? যিহেতু তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে, সেয়ে যদি মূল্যবোধ আছে সংগ্ৰহ কৰা কৰৰ টকা তেওঁলোকক ঘূৰাই দিয়ক ।

জিতুল ডেকাই অভিযোগ উত্থাপন কৰি কয় যে, যোৱা পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্রুতি দিছিল যে, ছুইচ দিলেই গুৱাহাটীবাসীয়ে পানী পাব । এতিয়া এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত কোন কোন অঞ্চলত কিমান লোকক এই সুবিধা প্রদান কৰিলে তাৰ তালিকা প্ৰকাশ কৰাৰ বাবে তেওঁ দাবী জনায় । পথৰ গাড়ী এখন ৰাখিলেই পৌৰ নিগমক মাচুল দিব লাগে অথচ যাৱতীয় পার্কিং ব্যৱস্থা কৰিব পৰা নাই । মেয়ৰ মৃগেন শৰণীয়াই কিবা ক’ব খুজিলেই ৰাইজ শংকিত হৈ পৰে আকৌ নতুন কিবা কৰৰ বোজা জাপি দিয়ে নেকি ?

গুৱহাটীৰ বানপানী ৰোধিবলৈ ২৫ কোটি টকা খৰচ কৰি ছুপাৰ ছাকাৰ আনিলে কিন্তু এতিয়া সেই ছুপাৰ ছাকাৰ চলোৱাৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক দিব বিচাৰিছে। বিভিন্ন শিতানত কেইবা শ কোটি টকা জমা থকা পাচতো উন্নয়নৰ বাবে এটাও কামৰ অৰ্ডাৰ দিব পৰা নাই ।

ইফালে সংবাদমেলখনত উল্লেখ কৰা অনুসৰি, পৌৰ নিগমৰ পানীৰ শিতানত ২৮ কোটি, লোক নিৰ্মাণত ২৩ কোটি, ইলেকট্রিক লাইটৰ শিতানত ৫২ কোটি টকা জমা আছে, কিন্তু কামত খৰচ কৰিব পৰা নাই । সেয়ে মৃগেন শৰণীয়া এগৰাকী ব্যৰ্থ মেয়ৰ তেওঁ এই ব্যৰ্থতাৰ বাবে ক্ষমা খোজা উচিত বুলি জিতুল ডেকাই দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:PMAY scam: প্ৰধানমন্ত্ৰী আৱাস যোজনাত বৃহৎ কেলেংকাৰীৰ অভিযোগ

ABOUT THE AUTHOR

...view details