অসম

assam

উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনলৈ সাজু AAP

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 6:25 PM IST

উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন নিৰ্বাচনত অৱতীৰ্ণ হ'ব আম আদমি পাৰ্টী । প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব দলটো । সংবাদমেল যোগে এই ঘোষণা আম আদমি পাৰ্টী অসমৰ ।

AAP ready for North-Cachar Hill Council election
উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনলৈ সাজু AAP

উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনলৈ সাজু AAP

গুৱাহাটী,১৩ ডিচেম্বৰ: উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল । ৰৈ থকা নাই আম আদমি পাৰ্টী অসম । উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন সম্পৰ্কে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে আম আদমি পাৰ্টী অসমে ।

সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সাংগঠনিক সম্পাদক পুণম গগৈয়ে মন্তব্য কৰি কয় যে আগন্তুক পার্বত্য পৰিষদৰ নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে আজিৰে পৰা প্রার্থিত্ব প্রত্যাশীসকলৰ পৰা আনুষ্ঠানিকভাৱে আবেদন পত্ৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে । প্ৰতিটো সমষ্টিত প্ৰতিগৰাকী প্রার্থিত্ব প্রত্যাশীক দলৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

যদিহে কোনোৱে আপ দলৰ আদৰ্শৰে নিৰ্বাচনত অংশগ্রহণ কৰিব বিচাৰে, তেন্তে ইচ্ছুক প্রার্থীসকলক ৬৯১৩২৪০৪৯৬ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পুনম গগৈয়ে । লগতে গগৈয়ে কয় যে, আপ অসমৰ বাবে উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ এই নিৰ্বাচন গুৰুত্বপূৰ্ণ হ'ব । উক্ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে ।

পোন্ধৰটাতকৈ অধিক কাউঞ্চিলত প্ৰাৰ্থী প্ৰদান কৰিব আপে । নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ২১ ডিচেম্বৰৰ পূৰ্বে দলৰ উত্তৰ-পূৱ ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শর্মা আৰু ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে সংবাদমেলযোগে প্রকাশ কৰিব । অৱশ্যে এই নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতাৰে নকৰে দলটোৱে । অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব আম আদমী পাৰ্টী অসমে । এইক্ষেত্ৰত ডিমা হাছাওবাসীয়ে দলটোক আদৰি ল'ব বুলি আশাবাদী পুণম গগৈ ।কিয়নো দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে আন আন প্ৰান্তৰ যিদৰে থিয় দি আহিছে, ঠিক একেই উদ্দেশ্যৰেই উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও পুনম গগৈয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:দিল্লীলৈ যোৱাৰ মন: তিনিজনে দিলে আবেদন, 26 জনে নিলে প্ৰ-পত্ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details