গুৱাহাটী, 18 জুন :অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশতো হৈ আছে মুষলধাৰ বৰষুণ ৷ ফলত উফন্দি উঠিছে নৈসমূহৰ বুকু ৷ ফলত গেৰুকামুখত থকা নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ডাইভাৰ্ছন টানেলৰ দুখন গেট উটুৱাই নিয়া পৰিলক্ষিত হৈছে ৷ আনকি গাইড বান্ধ ভাগি দুটা টাৰ্বাইন বুৰা গৈছে পানীৰ তলত ৷ এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে ৷
উল্লেখ্য যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভণিৰ সময়চোৱাতে অসমৰ বিশেষজ্ঞ সমিতিয়ে অসম-অৰুণাচলৰ ভংগুৰ শিলাখণ্ডৰ ওপৰত বৃহৎ নদী বান্ধ কেতিয়াও সুৰক্ষিত নহয় বুলি দাবী কৰিছিল ৷ কিন্তু সেই সময়ত থকা কংগ্ৰেছ চৰকাৰে অসমৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন নাকচ কৰি বিভিন্ন কাৰচাজীৰে এই প্ৰকল্পত অনুমোদন জনাইছিল ।
2016 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙেও গেৰুকামুখত উপস্থিত হৈ বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল । কিন্তু ক্ষমতা লাভৰ পিচতেই বিজেপিয়ে লুটিবাগৰ মাৰিলে । অসমবাসীৰ প্ৰবল বিৰোধিতাৰ পাচতো তথা অসমৰ বিশেষজ্ঞক অৱজ্ঞা কৰি এই প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ ফলশ্ৰুতিত প্ৰতিটো বাৰিষাতে এই প্ৰকল্পত ঘটি থকা অঘটনসমূহ অসমবাসীয়ে প্ৰত্যক্ষ কৰি আহিছে ।